অসম

assam

মইতো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক: ড৹ হিমন্ত বিশ্ব শৰ্মা - Assam CM on infiltration

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 2:28 PM IST

Assam CM on infiltration: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাঁচীৰ পৰা দিল্লীলৈ ৰাওনা হৈছে । তাৰ পূৰ্বে সাংবাদিকৰ সন্মুখত তেওঁ ঝাৰখণ্ডত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ আহ্বান জনায় ।

Assam CM on infiltration
মইটো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক (ETV Bharat)

নেশ্যনেল ডেস্ক,২৬ আগষ্ট :ঝাৰখণ্ড নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি চলোৱাত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী তথা সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডত অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত মন্তব্য কৰে । ঝাৰখণ্ডত অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি এই সমস্যাটো সমাধানৰ বাবে তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ।

মইটো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক (ETV Bharat)

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে ৰাঁচীত সংবাদ মাধ্যমৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যদি হেমন্ত ছোৰেনে অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বাবে উদ্যোগ লয়, তেন্তে তেওঁৰ নেতৃত্ব গ্ৰহণ কৰাত আমাৰ কোনো অসুবিধা নাই । হেমন্ত ছোৰেনৰ নেতৃত্বত বিজেপিয়ে এই প্ৰচেষ্টাক আদৰণি জনাব । ঝাৰখণ্ডত বাংলাদেশী অনুপ্ৰৱেশ জনজাতীয় লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা, যাক সময়মতে প্ৰতিৰোধ কৰিব লাগিব ।"

চম্পাই ছোৰেনক বিজেপিলৈ আদৰণি

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চম্পাই ছোৰেনৰ দিল্লী ভ্ৰমণ আৰু বিজেপিত যোগদানৰ জল্পনা-কল্পনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়,"মই যোৱা ৫ মাহ ধৰি তেওঁৰ সৈতে কথা পাতি আছো, কিন্তু কোনো ৰাজনৈতিক আলোচনা হোৱা নাই । তেওঁ বিজেপিত যোগদান কৰিলে মই সুখী হ'ম । চম্পাই ছোৰেন এগৰাকী প্ৰভাৱশালী নেতা । তেওঁৰ ওপৰত কোনো মন্তব্য দিয়াটো উচিত নহয় ।"

মহিলাৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা

মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ আইন অনাৰ আহ্বানক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে নিশ্চিতভাৱে এক কঠোৰ আইন থাকিব লাগে আৰু এনে ব্যৱস্থাৰ দ্বাৰা যাতে ৬ মাহৰ ভিতৰতে গোচৰৰ শুনানি সম্পূৰ্ণ হৈ ভুক্তভোগীয়ে ন্যায় লাভ কৰিব পাৰে । তেওঁ কয়, "এনে ধৰণৰ এটা ঘটনা ঘটিলেও সেয়া দুৰ্ভাগ্যজনক ।" অসমত তেওঁৰ চৰকাৰৰ দিনত পূৰ্বতকৈ এনে ঘটনা যথেষ্ট হ্ৰাস হৈছে যদিও একেবাৰে বন্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মহাৰাষ্ট্ৰৰ দৰে অসমত একত্ৰিত পেঞ্চন আঁচনি ৰূপায়ণ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে অধিসূচনা এতিয়াও জাৰী কৰা হোৱা নাই, সেয়া হোৱাৰ পিছত দেখা যাব । কৰ্মচাৰীসকলৰ স্বাৰ্থত যি হওক, সেয়া নিশ্চিতভাৱে কৰা হ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Jharkhand Assembly Election 2024

ABOUT THE AUTHOR

...view details