অসম

assam

ETV Bharat / bharat

আহাৰ পূৰ্ণিমা তিথিত সৌভাগ্যৰ দুৱাৰ খোল খাব এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ - Ashada Purnima - ASHADA PURNIMA

Ashada Purnima Rashifal: ২১ জুন শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আহাৰ মাহৰ পূৰ্ণিমা তিথি । এই শুভ তিথি ২২ জুন আজি শনিবাৰলৈকে আছে । এই বিশেষ শুভ তিথিৰ ওপৰত শুভ যোগো গঢ় লৈ উঠিছে । এই শুভ যোগে ৩ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে । এই ৩টা ৰাশি কি কি জানো আহক-

Ashada Purnima Rashifal: These 3 Lucky Zodiac Signs Will Showered With The Blessings of Vishnu and Lakshmi
আহাৰ পূৰ্ণিমা তিথিত সৌভাগ্যৰ দুৱাৰ খোল খাব এই ৩টা ৰাশিৰ জাতক-জাতিকাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 3:33 PM IST

২১ জুন শুকুৰবাৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আহাৰ মাহৰ পূৰ্ণিমা তিথি ৷ এই শুভ তিথি ২২ জুন আজি শনিবাৰলৈকে আছে ৷ এই বিশেষ শুভ তিথিৰ ওপৰত শুভ যোগো দেখিবলৈ পোৱা গৈছে ৷ এই শুভ যোগে ৩টা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ এই ৰাশি তিনিটা কি কি জানো আহক-

বৃষ ৰাশি:এই আহাৰ পূৰ্ণিমাই বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব ৷ এই ৰাশিৰ জাতক-জাতিকাই কোনো নতুন সুযোগ লাভ কৰিবলৈ গৈ আছে ৷ আপুনি বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব ৷ আয়ৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ’ব ৷ চাকৰিত পদোন্নতি আৰু কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা প্ৰবল ৷

কৰ্কট ৰাশি:কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আহাৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হ’ব সোণালী সময় ৷ চাকৰি আৰু ব্যৱসায়ত ভাল ফলাফল পাব ৷ বহিঃৰাজ্য ভ্ৰমণৰ সম্ভাৱনা আছে ৷ দেশৰ ভিতৰতে দীঘলীয়া ভ্ৰমণলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে ৷ হাতলৈ প্ৰচুৰ টকা আহিব ৷ একাধিক উৎসৰ পৰা ধন লাভ কৰাৰ আছে সম্ভাৱনা ৷ ঘৰত সুখ-শান্তি অটুত থাকিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাৰ বাবে আহাৰ পূৰ্ণিমাই ভাল সময় কঢ়িয়াই আনিব ৷ আৱদ্ধ হৈ থকা কামবোৰ সোনকালে সম্পূৰ্ণ হ’ব ৷ আপোনাৰ কামৰ বাবে লাভ কৰা সফলতাৰ বাবে আপুনি সুখী আৰু উৎসাহী হ’ব ৷ আৰ্থিক লাভ হ’ব ৷ প্ৰেম জীৱনত সুখ আহিব ৷ বিবাহিত মানুহৰ বাবেও সময় ভাল ৷ পত্নীৰ লগত সম্পৰ্ক অধিক মজবুত হ’ব ৷ সুখৰ মুহূৰ্তবোৰ উপভোগ কৰক ৷

আহাৰ মাহৰ পূৰ্ণিমা তিথিত ইশ্বৰৰ উপাসনা কৰা উচিত ৷ এই তিথিত ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ পূজা কৰিলে সুফল লাভ কৰিব পাৰে ৷

লগতে পঢ়ক:জুন মাহত শনিৰ স্থান পৰিৱৰ্তনৰ ফলত শুভফল লাভ কৰিব এইকেইটা ৰাশিয়ে - Grah Gochar For June

ABOUT THE AUTHOR

...view details