সুকমা : বোমা ফুটিল ৷ আকৌ ! চাৰিওফালে কেৱল কোলাহল ৷ এই বোমা বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল এগৰাকী ১০ বছৰীয়া নাবালিকা ৷ বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে নাবালিকাগৰাকীয়ে ৷
আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰৰ বস্তাৰ সংমণ্ডলৰ সুকমাত ৷ সুকমাত নিৰাপত্তা বাহিনীৰ জোৱানৰ বাবে স্থাপন কৰা আই ই ডি বোমাৰ বলি হ’ল এগৰাকী নাবালিকা । দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা ।
- খেলি থাকোতে নাবালিকাগৰাকীয়ে এটা আই ই ডিত ভৰি দিয়াৰ ফলতে ঘটনাটো সংঘটিত হয় :
সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে জনোৱা তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া সুকমাৰ চিন্তালনাৰ থানা এলেকাৰ টিম্মাপুৰ গাঁৱৰ নিবাসী ১০ বছৰীয়া সোধি মল্লে ঘৰৰ কাষতে খেলি আছিল ৷ খেলি থাকোতে হঠাতে নক্সালবাদীয়ে গোপনে ৰখা এটা আই ই ডিত ভৰি দিয়ে সোধি মল্লে ৷
আই ই ডি- কি এই বিষয়ে একো বুজি নোপোৱা এই নাবালিকাগৰাকীয়ে বোমাটোৰ পৰা ভৰিখন উঠাই দিয়াৰ লগে লগে বিস্ফোৰণ ঘটে । যাৰ ফলত নাবালিকাগৰাকী গুৰুতৰভাৱে আহত হয় ।
- আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত নাবালিকাগৰাকী :
আই ই ডি বিস্ফোৰণৰ শব্দ শুনি পৰিয়ালৰ লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ উক্ত স্থানত পৰি ৰোৱা নাবালিকাগৰাকীক পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত ওচৰৰে চি আৰ পি এফৰ কেম্প পুলানপদলৈ লৈ যায় ৷ য'ত গুৰুতৰভাৱে আহত নাবালিকাগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । ইয়াৰ পিছতে নাবালিকাগৰাকীক উন্নত চিকিৎসাৰ বাবে সুকমা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
- সুকমা আৰক্ষীয়ে তালাচী অভিযান চলাই আছে :
টিম্মাপুৰ গাঁৱৰ সমীপত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে উল্লেখ কৰা মতে, বস্তাৰত থকা জোৱানসকলক ক্ষতি কৰিবলৈ নক্সালবাদীয়ে এই আই ই ডি স্থাপন কৰিছিল । কেঁচা পথ আৰু পকী পথ আৰু পদপথ আদিত আই ই ডি সংস্থাপন কৰিছিল ৷
ইফালে দেওবাৰে বিজাপুৰৰ জাংলাত সংঘটিত হোৱা এক আই ই ডি বিস্ফোৰণত আহত হয় দুজন জোৱান । ইয়াৰ পূৰ্বে শনিবাৰে বিজাপুৰৰ মহাদেৱ ঘাটত তালাচী অভিযানৰ সময়ত চি আৰ পি এফৰ এজন জোৱানৰ ভৰি আই ই ডিৰ ওপৰত পৰে ৷ ফলত আই ই ডি বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হয় জোৱানজন ।
লগতে পঢ়ক : বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত চি আৰ পি এফ জোৱান লগতে পঢ়ক : অপৰাধ ৰোধৰ বাবে মুকলি হেল্পলাইন নম্বৰ |