প্ৰয়াগৰাজ/ মহাকুম্ভনগৰ : কালিৰে পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা ২০২৫ ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে পুৱাও প্ৰয়াগৰাজত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ কিয়নো মঙলবাৰে প্ৰয়াগৰাজ ত্ৰিবেদী সংগম পাৰত অনুষ্ঠিত হ’বলগীয়া অমৃত স্নানৰ বাবে বহু ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ।
সোমবাৰে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষ উপলক্ষে বৃহৎ সংখ্যক ভক্তই এই সংগম স্থলীত স্নান কৰা দেখা গৈছে ৷ বৈদিক জ্যোতিষৰ মতে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষক সূৰ্য ভগৱানৰ মাহ বুলি কোৱা হয় । এই মাহত সূৰ্য দেৱতাক পূজা কৰি মানুহে মোক্ষ লাভ কৰে বুলি জনবিশ্বাস আছে । সেয়ে পুহ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ নদীত স্নান কৰি ভগৱান সূৰ্যক অৰ্ঘ অৰ্পণ কৰাৰ পৰম্পৰা আছে ।
#WATCH | Prayagraj | Sadhus of Mahanirvani Panchayati Akhada take holy dip as the first Amrit Snan of #MahaKumbh2025 begins at Triveni Sangam on the auspicious occasion of #makarsankranti2025 pic.twitter.com/0sv5KeYcgw
— ANI (@ANI) January 14, 2025
সোমবাৰৰ পৰা পুহ মাহৰ পূৰ্ণিমা স্নানেৰে আৰম্ভ হয় মহাকুম্ভ মেলা । সোমবাৰে মহাকুম্ভত প্ৰায় ১.৬৫ কোটি ভক্তৰ সমাগম হোৱা দেখা যায় । ইয়াৰ পিছত মঙলবাৰে অৰ্থাৎ আজি মকৰ সংক্ৰান্তিৰ দিনা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ ভক্তসকল অধীৰ হৈ থকা পৰিলক্ষিত হয় । পুৱাই দেশ-বিদেশৰ পৰা অহা অগণন ভক্তই মহাকুম্ভৰ এই পবিত্ৰ স্থানত উপস্থিত হোৱা দেখা যায় ।
#WATCH | Prayagraj | #MahaKumbh2025 which began with a record gathering of over 1.5 cr devotees on the first day, is today witnessing its first Amrit Snan on the auspicious occasion of #MakarSankranti
— ANI (@ANI) January 14, 2025
Makar Sankranti is a Hindu festival celebrating the Sun's entrance into the… pic.twitter.com/Vil2WzYWZJ
ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত ভক্তসকলে সনাতন পৰম্পৰাৰ কাহিনী বৰ্ণনা কৰে আৰু ইয়াৰ আস্থা-বিশ্বাসৰ বাবেই ইয়াত স্নান কৰাৰ ইচ্ছা ব্যক্ত কৰে । ভক্তসকলে কয় যে মহাকুম্ভৰ সময়ত গংগাত স্নান কৰিলে মোক্ষ প্ৰাপ্তি হয় আৰু সকলো দোষ-ভাগৰ দূৰ হয় । আজি (মঙলবাৰ) পুৱাৰ ভাগত অৰ্থাৎ মকৰ সংক্ৰান্তিৰ সময়ত এই স্থানত অমৃত স্নান কৰাটো এক শুভ মুহূৰ্ত বুলি গণ্য কৰা হয় ।
#WATCH | #MahaKumbh2025, Prayagraj | Kumar Swami Ji Maharaj from Anand Akhara says, " nothing is bigger than this (mahakumbh). those who are able to come here are extremely fortunate... wherever we see people are fighting among themselves. here it's peaceful. merely being present… pic.twitter.com/szCz2cvVMW
— ANI (@ANI) January 14, 2025
লোকবিশ্বাস অনুসৰি, মকৰ সংক্ৰান্তিৰ দিনা কৰা দানৰ পৰা অক্ষয় ফল অথবা চিৰন্তন ফল পোৱা যায় ৷ এই দিনটোত শনি দেৱক পোহৰ দান কৰাটোও অতি শুভ বুলি বিশ্বাস কৰা হয় । পঞ্জাব, উত্তৰ প্ৰদেশ, বিহাৰ আৰু তামিলনাডুত এই সময়ত নতুন শস্য চপোৱা হয় । সেয়েহে কৃষকসকলেও এই দিনটোক অভাৰ বা সহজ অৰ্থত ধন্যবাদ দিৱস হিচাপেও পালন কৰে ।
#WATCH | #MahaKumbh2025 | After taking 'Amrit Snan' on Makar Sankranti, Mahamandleshwar Swami Gyan Puri of Mahanirvana Akhara says, " it's a huge crowd but it's amazing how everything flows. everyone finds a place for a holy dip. i think it is only possible to see this here." pic.twitter.com/SQxEJnWfOC
— ANI (@ANI) January 14, 2025
নিৰামিষভোজ গ্ৰহণৰ বাবে সজাগতা সমাৱেশ
বাবা জয় গুৰুদেৱৰ অনুগামীসকলে ২০০ জনকৈ গোট গঠন কৰি নিৰামিষভোজী হ’বলৈ আৰু নিচা ত্যাগ কৰিবলৈ সজাগতা সমাৱেশ কৰে । লগতে নিৰামিষ খাদ্য আৰু ড্ৰাগছ সেৱনৰ ফলত হোৱা ক্ষতিৰ বিষয়েও তথ্য দিয়ে ।