মৰাণ : নগা উগ্ৰপন্থী সংগঠনে অসমৰ সীমান্তৱৰ্তী জিলাত অপহৰণ, ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰি থকাত সচেতন ৰাইজ চিন্তিত হৈ পৰিছে । অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কৰিছে যদিও নিৰাপত্তা বেহু ফালি অসমত নগা উগ্ৰপন্থীয়ে বিভিন্ন কাৰ্যকলাপ চলাই আছে ।
ইয়াৰ মাজতে আৰক্ষীৰ জালত পৰিল এন এছ চি এনৰ তিনিজন সন্দেহযুক্ত লিংকমেন ।
![NSCN Linkmen Arrested in Charaideo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-02-2025/a-dibrugarh-801to802-nscnlinkmanarrestedbycharaideopolice-as10031_14022025193718_1402f_1739542038_365.jpg)
শুকুৰবাৰে চৰাইদেউৰ নামতোলাত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে মহৰম আলী আৰু সঞ্জু দাস নামৰ দুই লিংকমেনক । দুয়োৰে বিৰুদ্ধে এন এছ চি এনৰ হৈ বিভিন্ন কাৰ্যকলাপ চলাই থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰাৰ পাছতে তদন্ত আৰম্ভ কৰে । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আটকাধীন মহৰম আলীৰ ঘৰ নগাঁৱৰ জুৰীয়াত । আনহাতে, সঞ্জু দাসৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিট থানাৰ অন্তৰ্গত সংগচাৰত ।
![NSCN Linkmen Arrested in Charaideo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-02-2025/a-dibrugarh-801to802-nscnlinkmanarrestedbycharaideopolice-as10031_14022025193718_1402f_1739542038_1009.jpg)
মুছলেক আলীৰ অপৰহৰণত জড়িতক গ্ৰেপ্তাৰ :
এই লিংকমেন দুজনে নগা উগ্ৰপন্থীৰ হৈ অসমত কেনেদৰে কাৰ্যকলাপ চলাই আছিল সেই বিষয়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । দুয়োজন লিংকমেনক জেৰা চলোৱাৰ অন্তত এই অভিযোগতেই আজি আন এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুমিত দে' নামৰ যুৱকজনক । ধৃত লিংকমেন সুমিত দে' ড্ৰাগছ ব্যৱসায়ী মুছলেক আলীৰ অপৰহৰণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত ।
ধৃত তিনি লিংকমেনক বৰ্তমান সোণাৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰখা হৈছে । এই অভিযানক লৈ সোণাৰি আৰক্ষীয়ে আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা নাই যদিও তিনিওকে আজি জেৰা চলাব বুলি ই টিভি ভাৰতক জানিবলৈ দিছে । উল্লেখ্য় যে যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অস্ত্ৰধাৰী এন এছ চি এনে চৰাইদেউৰ নামতোলাৰ নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অপহৰণ কৰিছিল মুছলেক আলী নামৰ এজন ব্যৱসায়ীক ।
উল্লেখ্য় যে মুছলেক আলীৰ মুক্তিৰ বাবে নগা বিদ্ৰোহী সংগঠনে দাবী কৰিছিল ২৫ লাখ টকা । কিন্তু তেনে সময়ত অপহৃত মুছলেক আলীক বিনাচৰ্তে মুক্তিৰ দাবীত নামতোলাত নাগালেণ্ড সংযোগী মূল পথ অৱৰোধ কৰিছিল অসমৰ কেইবাটাও দল-সংগঠনে । পিছত সোঁশৰীৰে নগা উগ্ৰপন্থীয়ে মুকলি কৰি দিছিল মুছলেক আলীক । এই ঘটনাৰ পাছৰে পৰা অসম আৰক্ষীয়ে চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থী সংগঠনৰ ওপৰত চোকা নজৰ ৰাখিছে ।