হায়দৰাবাদ: ভাৰতত এতিয়া এপল এটা বৃহৎ উৎপাদন কেন্দ্ৰত পৰিণত হৈছে বুলি ক’লেও অতিৰঞ্জিত কৰা নহ’ব । ভাৰতে ‘মেক ইন ইণ্ডিয়া’ আৰু পিএলআই আঁচনিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আইফোনৰ উৎপাদন আৰু ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে । প্ৰতিবেদন অনুসৰি এপলে 2024 চনত ভাৰতত নিৰ্মিত 1 লাখ কোটি টকাৰ আইফোন ৰপ্তানি কৰি অভিলেখ সৃষ্টি কৰিছে । ইয়াৰ লগে লগে আইফোনৰ চালান 12.8 বিলিয়ন ডলাৰ (প্ৰায় 1.08 লাখ কোটি টকা)লৈ বৃদ্ধি পাইছে । যোৱা বছৰৰ তুলনাত প্ৰায় 40% বৃদ্ধি পাইছে ।
ঘৰুৱা উৎপাদনত 15-20% লাভ
যোৱা কেইবছৰমানৰ পৰা ভাৰতত স্থানীয় উৎপাদন দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এই হাৰ হৈছেগৈ 15-20 শতাংশ । যোৱা এটা বছৰত ঘৰুৱা উৎপাদন প্ৰায় 46 শতাংশ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে এপলে ভাৰতলৈ 9 বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰিছিল । চৰকাৰী প্ৰতিবেদন অনুসৰি ভাৰতত আইফোনৰ উৎপাদন বৃদ্ধিৰ কাৰণ হৈছে চৰকাৰৰ প্ৰডাকচন লিংকড-ইনিচিয়েটিভ পিএলআই আঁচনি ।
ভাৰতত কৰ্মসংস্থাপন বৃদ্ধি
কেলিফৰ্ণিয়াস্থিত এই ঔদ্যোগিক প্ৰতিষ্ঠানটোৱে 2024 বিত্তীয় বৰ্ষত ভাৰতত প্ৰায় 14 বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছিল আৰু 10 বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰিছিল । ইয়াৰ ফলত ভাৰততো কৰ্মসংস্থাপন বৃদ্ধি পাইছে । ভাৰতত এপলে 1,75,000 নতুন চাকৰিৰ সৃষ্টি কৰিছে, ইয়াৰে 72% মহিলা ।
কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ গৱেষণা সঞ্চালক তৰুণ পাঠকে কয় যে যুৱক-যুৱতীসকলৰ মাজত আইফোনৰ জনপ্ৰিয়তা, গ্ৰাহকৰ শক্তিশালী সংযোগ, চেনেল আৰু প্ৰডাক্ট সম্প্ৰসাৰণৰ বাবে এপলে ভাৰতত অংশীদাৰিত্ব লাভ কৰিছে । তেওঁ কয় যে স্থানীয় উৎপাদনৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত 2025 চনৰ ভিতৰত ভাৰতৰ স্মাৰ্টফোনৰ বজাৰখনে 50 বিলিয়ন অতিক্ৰম কৰিব ।
অনাগত বছৰতো ভাৰতত এপলৰ বৃদ্ধি যথেষ্ট গতিৰে অব্যাহত থাকিব বুলি আশা কৰা হৈছে । ইফালে, প্ৰিমিয়ামাইজেচনৰ চলি থকা ধাৰা আৰু স্থানীয় উৎপাদনৰ ওপৰত হেঁচা দিয়াৰ ফলত 2025 চনৰ ভিতৰত ভাৰতৰ স্মাৰ্টফোন বজাৰৰ মূল্য 50 বিলিয়ন ডলাৰ অতিক্ৰম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।