অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ বাহিৰেও এই স্থানসমূহত আছে শ্ৰীৰামৰ ভব্য মন্দিৰ

আজি বছৰজোৰা নিৰ্বাসন শেষ কৰি নিজ গৃহলৈ উভতি আহিব দশৰথ নন্দন ৷ আজি অৰ্থাৎ ২২ জানুৱাৰী অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈ ৰ’ব দেশবাসী ৷ কিন্তু আপুনি জানেনে যে অযোধ্যাৰ ৰাম মন্দিৰৰ বাহিৰেও দেশত এনে বহুতো বিশাল ৰাম মন্দিৰ আছে য’ত আপুনি দৰ্শন কৰাৰ পিছত নিজকে ধন্য অনুভৱ কৰিব ৷

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 12:26 PM IST

Apart from Ayodhya, there are grand temples of Shri Ram at these places
অযোধ্যাৰ বাহিৰেও এই স্থানসমূহত আছে শ্ৰীৰামৰ ভব্য মন্দিৰ

আজি অৰ্থাৎ ২২ জানুৱাৰী অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈ ৰ’ব দেশবাসী ৷ আজি বছৰজোৰা নিৰ্বাসন শেষ কৰি নিজ গৃহলৈ উভতি আহিব দশৰথ নন্দন ৷ যিহেতু আজি ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন, সেয়েহে এই সময়ত সকলো ৰামভক্তৰ দৃষ্টি অযোধ্যা নগৰীৰ প্ৰতি ৷ শ্ৰীৰামক আদৰিবলৈ আৰু তেওঁৰ দৰ্শন কৰিবলৈ সকলোৱে অতি আগ্ৰহেৰে বাট চাই আছে ৷

কিন্তু আপুনি জানেনে যে অযোধ্যাৰ ৰাম মন্দিৰৰ বাহিৰেও দেশত এনে বহুতো বিশাল ৰাম মন্দিৰ আছে য’ত আপুনি দৰ্শন কৰাৰ পিছত নিজকে ধন্য অনুভৱ কৰিব ৷ এই মন্দিৰসমূহৰ বিশালতা আৰু শিল্পকৰ্ম চালে চকুৰোৱা৷ যদি আপুনি এগৰাকী ৰামভক্ত, তেন্তে অযোধ্যাৰ লগতে এই মন্দিৰসমূহ ভ্ৰমণ কৰাটো আপোনাৰ বাবে এক বৃহৎ অভিজ্ঞতা হ’ব ৷ গতিকে এই মন্দিৰবোৰৰ বিষয়ে জানো আহক-

সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰ, তেলেংগানা

সীতা ৰামচন্দ্ৰ স্বামী মন্দিৰ তেলেংগানাৰ ভদ্ৰাচালম, ভদ্ৰাদী কোঠাগুডেমত অৱস্থিত ৷ এই মন্দিৰটো দেশৰ অন্যতম পুৰণি মন্দিৰ আৰু ৰামায়ণ যুগৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয় ৷ এই মন্দিৰক ‘দক্ষিণৰ অযোধ্যা’ বুলিও কোৱা হয় ৷

মধ্য প্ৰদেশৰ ৰাম ৰাজা মন্দিৰ

মধ্যপ্ৰদেশৰ অৰ্ছাত অৱস্থিত ৰাম ৰাজা মন্দিৰ একমাত্ৰ মন্দিৰ য'ত ভগৱান ৰাম ৰজা ৰূপত বিৰাজমান ৷ এই মন্দিৰত ভগৱান ৰামৰ লগতে মাতা সীতা, লক্ষ্মণ, হনুমান, মা দুৰ্গা ৷ সুগ্ৰীৱ আৰু জামৱন্তৰো পূজা কৰা হয় ৷

পঞ্জাৱৰ ৰাম তিৰথ মন্দিৰ

পঞ্জাৱৰ অমৃতসৰত নিৰ্মিত ৰাম তিৰথ মন্দিৰটোও ৰামায়ণ যুগৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয় ৷ এই মন্দিৰৰ বিষয়ে পোৱা কাহিনী ভগৱান ৰামৰ পুত্ৰ লব আৰু কুশৰ সৈতে জড়িত ৷ মহৰ্ষী বাল্মীকিয়ে মাতা সীতাক আশ্ৰয় দিয়া ঠাইখনেই এইখন বুলি বিশ্বাস কৰা হয় ৷

ত্ৰিপ্ৰয়াৰ শ্ৰীৰাম মন্দিৰ, কেৰালা

কেৰালাৰ থ্ৰিছুৰ জিলাৰ কৰুৱন্নুৰ নদীৰ পাৰত অৱস্থিত শ্ৰীৰামস্বামী মন্দিৰ ৷ ইয়াত ৬ ফুট উচ্চতাৰ ভগৱান ৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, আনহাতে এই মন্দিৰৰ চৌহদত মহাদেৱ, গণপতি মহাৰাজ, কৃষ্ণও বিৰাজমান ৷

লগতে পঢ়ক:বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details