নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল :ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত দেশত ইউচিচি কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে গৃহমন্ত্ৰীগৰাকীয়ে । অমিত শ্বাহৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে চলিত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাচতে দেশত ইউচিচি কাৰ্যকৰী কৰিব ।
বিহাৰৰ বেগুচৰাই জিলাত এখন নিৰ্বাচনী জনসভাত ভাষণ দি অমিত শ্বাহে কয় য়ে মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে কৈছে যে যদি তেওঁলোক কেন্দ্ৰত ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে দেশত তিনি তালাক আৰু মুছলমান ব্যক্তিগত আইন আনিব । অমিত শ্বাহৰ মতে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে বা দেশত তিনি তালাক আৰু মুছলমান ব্যক্তিগত আইন কাৰ্যকৰী কৰিবও নোৱাৰে । বিজেপিয়ে ক্ষমতা বজাই ৰাখিব আৰু দেশত ইউচিচি কাৰ্যকৰী কৰিব বুলি তেওঁ নিশ্চিত ।
অমিত শ্বাহে উল্লেখ কৰা মতে বিৰোধী নেতাসকলে কৈছে যে তেওঁলোকে জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ ঘূৰাই আনিব । শ্বাহে বিৰোধীৰ নেতা ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাই কয় যে যেতিয়ালৈকে এজনো বিজেপি কৰ্মী জীয়াই থাকিব তেতিয়ালৈকে কোনেও জম্মু-কাশ্মীৰত ৩৭০ ধাৰা ঘূৰাই আনিব নোৱাৰে । গৃহমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে মাওবাদী সমস্যাৰ বাবে বিহাৰত শ শ যুৱক নিহত হৈছে ।
তেওঁ দাবী কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ আৰু ঝাৰখণ্ডত মাওবাদীৰ কাৰ্যকলাপ বন্ধ কৰিছে । আনহাতে প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পৰা ধৰ্মঘট আৰু হত্যাৰ সংস্কৃতিও আঁতৰাই পেলাইছে বুলি অমিত শ্বাহে দাবী কৰে । গৃহমন্ত্ৰীয়ে ৰেলীৰ সময়ত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱকো লক্ষ্য কৰি লয় ।