নেশ্যনেল ডেস্ক, ৯ মে' :এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৩০০ জ্যেষ্ঠ কেবিন ক্ৰুৱে শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লৈছিল । যাৰ বাবে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই প্ৰায় ১০০ খন বিমানৰ উৰণ বাতিল কৰিবলগীয়া হৈছিল । যাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল । এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈছিল যাত্ৰীসকল ।
কোম্পানীটোৰ বিৰুদ্ধে যাত্ৰীসকলে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে । এনে পৰিস্থিতিত এয়াৰ ইণ্ডিয়াইও কেবিন ক্ৰু সদস্যসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে । কোম্পানীটোৱে একাংশ প্ৰতিবাদকাৰী যাত্ৰীৰ বিৰুদ্ধে শান্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে একাংশ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ কথা জানিব পৰা গৈছে ।
সূত্ৰৰ মতে শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লোৱা প্ৰায় ২৫ গৰাকী ক্ৰু সদস্যক কামৰ পৰা অব্যাহতি দিয়া হৈছে । এই ক্ষেত্ৰত কোম্পানীটোৱে এক পত্ৰত লিখিছে যে কোনো যুক্তিসঙ্গত কাৰণ অবিহনে পূৰ্বে নিৰ্ধাৰিত কামৰ পৰা আঁতৰি আছিল তেওঁলোক । কৰ্মচাৰীসকলে অসুস্থতাৰ কাৰণ দৰ্শোৱা বিষয়টো এক উমৈহতীয়া বুজাবুজিৰ সৈতে সমন্বিত পদক্ষেপ, বিমান পৰিচালনা নকৰা আৰু কোম্পানীৰ সেৱা ব্যাহত কৰাৰ সমান ।