ETV Bharat / state

২০২৩ৰ মাৰ্চৰ পৰা এছ টি এফৰ অভিযানত ২১ জেহাদীক গ্ৰেপ্তাৰ; অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান - SPECIAL DGP ON STFS SUCCESS

এক সংবাদমেলত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে নিচাজাতীয় সামগ্ৰী, জেহাদী, চোৰাং চিকাৰীৰ বিৰুদ্ধে এছ টি এফৰ সফল অভিযানৰ তথ্য দাঙি ধৰে ।

Special DGP on STFs Success
এছ টি এফৰ সফলতা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 8:23 PM IST

গুৱাহাটী : অসম আৰক্ষীৰ এছ টি এফৰ (STF) সফল অভিযান সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ সংবাদমেল ৷ সংবাদমেলত ২০২৩ চনৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ এছ টি এফে চলোৱা অভিযানৰ তথ্য দাঙি ধৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সংবাদমেলত কয়, "২০০৮ চনতে এছ টি এফ গঠন কৰা হৈছিল যদিও পূৰ্বতে নিষ্ক্ৰিয় হৈ আছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতেই ২০২৩ চনৰ পৰা অধিক সক্ৰিয় হৈ পৰিছে এছ টি এফ । ২০২৩ চনৰ পহিলা মাৰ্চৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত নিচাজাতীয় সামগ্ৰী, জেহাদী, চোৰাং চিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাবলৈ সক্ষম হৈছে ।"

এছ টি এফৰ সফলতা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ কয়, "এই সময়ছোৱাৰ ভিতৰত এছ টি এফে অভিযান চলাই ২১ টা জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ পৰা আই এছ আই এছৰ (ISIS) ভাৰতৰ মুৰব্বী হাৰিচ ফাৰুকীক গ্ৰেপ্তাৰ কৰা হৈছিল । তদুপৰি এটা মাওবাদী, আলফাৰ এজন আৰু মণিপুৰৰ সন্ত্ৰাসবাদী সংগঠনৰ ৩ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, ১৮ জন ৰোহিংগীয়াসহ দালালক গ্ৰেপ্তাৰ কৰি ৰোহিংগীয়া নেটৱৰ্ক ভংগ কৰিবলৈ সক্ষম হৈছো ।"

নিচাযুক্ত সামগ্ৰী জব্দ সন্দৰ্ভত তেওঁ কয়, "এছ টি এফৰ অভিযানত এই সময়ছোৱাত প্ৰায় ৬০ কিলোগ্ৰাম হেৰ'ইন, নিচাজাতীয় টেবলেট ৯,৬৭,৮৯৮ টা, কফ চিৰাপ ৩৭,০০০ বটল, গাঞ্জা ৩৯৯৯.৬৮১ কিলোগ্ৰাম জব্দ কৰিবলৈ সক্ষম হৈছোঁ ।"

অস্ত্ৰ-শস্ত্ৰ আৰু জালনোট সন্দৰ্ভত তেওঁ কয়, "৪ টা ৰাইফল, ১ টা পিষ্টল আৰু বৃহৎ পৰিমাণৰ আই ই ডি জব্দ কৰা হৈছে । এছ টি এফৰ অভিযানত জালনোট বনোৱা ৮ টা যন্ত্ৰ জব্দ কৰাৰ লগতে ৬৩,৫১,০০০ টকাৰ নকল নোট জব্দ কৰা হৈছে ।"

আনহাতে, বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধ কৰিবলৈও এছ টি এফ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, "এই সময়ছোৱাত ২ টা গঁড়ৰ খৰ্গ, ২ টা বাঘৰ দাঁতকে ধৰি অন্যান্য জন্তুৰ অংগ জব্দ কৰিবলৈ সক্ষম হৈছোঁ ।"

ইয়াৰ উপৰি তেওঁ দেশৰ অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত গঢ়ি উঠা ছিণ্ডিকেট বন্ধ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে । তেওঁ কয়, "বাৰ্মিজ চুপাৰিৰ ক্ষেত্ৰতো বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ২৫-৩০ ট্ৰাক জি এছ টি ভংগ কৰা ধঁপাতজাতীয় সামগ্ৰী জব্দ কৰা হৈছে । এই সময়ছোৱাৰ ভিতৰত এছ টি এফত ৪১ টা গোচৰ ৰুজু হৈছে । ২৫৪ টা সফল অভিযান চলোৱাৰ লগতে ৪৮২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নগদ ৬৩,৮৩,৬৫৯ টকা জব্দ কৰিবলৈ সক্ষম হৈছোঁ ।"

আনহাতে, এছ টি এফে গুৱাহাটীত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলোৱা বুলি উল্লেখ কৰি কয় যে গুৱাহাটীত ১৫২ টা অভিযান চলাই ২৬৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৩.৭২০ কিলোগ্ৰাম হেৰ'ইন, ৩৯২৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । সংবাদমেলত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তও উপস্থিত থাকে ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ - CHINAS RIVER DAM IN BRAHMAPUTRA
লগতে পঢ়ক :মহানগৰীত পথ দুৰ্ঘটনাত মৃত্যু বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি - GUWAHATI ROAD ACCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.