গুৱাহাটী: মহানগৰীৰৰ পাণ্ডুত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা । মহানগৰীৰ পাণ্ডুত পথত সংঘটিত এই দুৰ্ঘটনাত এজন বিজেপি নেতাৰ মৃত্য়ু হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য়ৰ । পাণ্ডুৰ শংকৰ নগৰ পথত কেনেকৈ এই দুৰ্ঘটনাটো সংঘটিত হৈছে তাক লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটিছে । স্থানীয় একাংশ ৰাইজে পথ দুৰ্ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ সময়তে আৰক্ষীৰ শীৰ্ষ বিষয়াই কৰিছে মন্তব্য় ।
ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱতি নিশা বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে' পথ দুৰ্ঘটনাত পতিত হয় । ইয়াৰ পিচতেই কমল দে'ক সংকটজনক অৱস্থাত মালিগাঁৱৰ স্বাগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আঘাতপ্ৰাপ্ত অৱস্থাত সোমবাৰে পুৱা ৫ বজাত সংকটজনক অৱস্থাত পাণ্ডুৰ শংকৰ নগৰত উদ্ধাৰ কৰা হৈছিল বিজেপি নেতাজনক ।
মহানগৰ আৰক্ষী আয়ুক্তই কি কয় ?
কমল দে'ৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে দুৰ্বৃত্তই তেওঁক হত্যা কৰাৰ সন্দেহ কৰিছে । ইয়াৰ পিচতেই ঘটনাস্থলী পৰিদৰ্শন কৰে নৱনিযুক্ত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই । প্ৰাথমিক তদন্তৰ অন্তত নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "এই ঘটনাটো নিশা প্ৰায় ২:৪৭ বজাত সংঘটিত হৈছিল । তেওঁ স্কুটী এখনেৰে আহি আছিল আৰু স্পীড ব্ৰেকাৰত খুন্দা খাই বাগৰি পৰাটো চি চি টিভিৰ ফুটেজত পোৱা গৈছে । ইতিমধ্যে সেই অঞ্চলৰ চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰা হৈছে । তদন্তত পথ দুৰ্ঘটনা যেন লাগিছে, তথাপি তেওঁ যিহেতু এই অঞ্চলটোত সামাজিক ভাৱে সক্ৰিয় আছিল সেইবাবে আমি আন আন দিশসমূহ চাই আছো ।"
গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে পুনৰ কয়," ঘটনাস্থলীলৈ চি আই ডি, ফৰেনচিক দল আহিছে । ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে ।"