অসম

assam

ETV Bharat / bharat

নাও ডুবি শিশুসহ সন্ধানহীন 6 : উদ্ধাৰ অভিযান অব্যাহত - PUNE BOAT CAPSIZE - PUNE BOAT CAPSIZE

Boat Capsizes : পুণেত উজানী বান্ধত মঙলবাৰে সন্ধিয়া নাও ডুবি সন্ধানহীন প্ৰায় ছয়জন লোক । কথমপি প্ৰাণৰক্ষা এজনৰ ৷ উদ্ধাৰকাৰী দলে ওৰে নিশা অভিযান চলাই চাৰি কিশোৰসহ 5 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ আনহাতে ষষ্ঠজন লোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান ৷

MAHARASHTRA BOAT ACCIDENT
নাও ডুবি শিশুসহ সন্ধানহীন 6 (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 22, 2024, 12:13 PM IST

Updated : May 22, 2024, 3:58 PM IST

নেশ্যনেল ডেস্ক, 22 মে’:মহাৰাষ্ট্ৰৰ পুণেত উজানী বান্ধত মঙলবাৰে সন্ধিয়া এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ছয়জন লোক সন্ধানহীন হয় । অৱশ্যে এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ সন্ধানহীনসকলৰ মাজত দুটা শিশু আছে বুলি জানিব পৰা হৈছে ৷

নাও ডুবি শিশুসহ সন্ধানহীন 6 (ETV BHARAT ASSAM)

সন্ধানহীন লোকসকলক বিচাৰি ওৰে নিশা উদ্ধাৰ অভিযান চলোৱা হয় আৰু এই অভিযান বৰ্তমানেও অব্যাহত আছে ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাহুল ডংগ্ৰে নাওখনত আছিল আৰু তেওঁ কোনোমতে সাঁতুৰি পাৰত উপস্থিত হোৱাত প্ৰাণৰক্ষা পৰে ৷ তেওঁ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ লগে লগে স্থানীয় লোকৰ সহযোগত প্ৰশাসনৰ লোকে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

লগতে পঢ়ক:গুজৰাটঃ সাঁতুৰি থকা অৱস্থাত বৰ তালাৱত ডুব যোৱা ৪ টা শিশু, ৰক্ষা ১ জন

সোলাপুৰ আৰু পুণে জিলাৰ স্থানীয় প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে নাওখনত থকা যাত্ৰীসকলক চিনাক্ত কৰিছে ৷ প্ৰচণ্ড ধুমুহা-বতাহৰ বাবে নাওখন ডুব যোৱা বুলি জানিব পৰা হৈছে ৷

দুৰ্ঘটনাগ্ৰস্ত নাওখন সোলাপুৰ জিলাৰ কৰমালা তালুকৰ কুগাঁৱৰ পৰা ইন্দাপুৰ তালুকৰ কালাশী গাঁৱলৈ গৈছিল ৷ নাওখনত থকা সাতজন যাত্ৰী কুগাঁও আৰু ঝাৰৰে (বৰ্তমান কৰমালা) ৰ বাসিন্দা আছিল । কুগাঁও(কৰমালা) আৰু কালাশী (ইন্দাপুৰ)ৰ মাজত নাৱেৰে দৈনিক বহু যাত্ৰী যাতায়াত কৰে । সাধাৰণতে এই নাওখনে দিনটোত যাত্ৰী লৈ ১০-১৫ বাৰ যাতায়াত কৰে ।

লগতে পঢ়ক:কৰ্ণাটকঃ হাছান হ্ৰদত সাঁতুৰি থকা অৱস্থাত চাৰিটা ল’ৰাৰ পানী

লগতে পঢ়ক:গুজৰাটঃ পাৰিবাৰিক আউটিঙৰ সময়ত দণ্ডি বিলত চাৰিজন ডুব যায়

লগতে পঢ়ক:তামিলনাডুৰ কনিয়াকুমাৰীৰ লেমুৰ বিচত ৫ মেডিকেল ছাত্রৰ পানীত উটি মৃত্যু হয়

Last Updated : May 22, 2024, 3:58 PM IST

ABOUT THE AUTHOR

...view details