thumbnail

By

Published : Jul 8, 2022, 12:14 PM IST

ETV Bharat / Videos

চিমেন চাপৰিত ৰে'লে কাটি দুচেও কৰিলে যুৱকক

বৃহস্পতিবাৰে নিশা ৯ বজাত চিমেন চাপৰিত মূৰ্কংচেলেকৰ পৰা মালিগাঁও অভিমুখী ইন্টাৰচিটি ৰে'লে কাটিলে এগৰাকী যুৱকক(Youth killed in train collision in Jonai) । যুৱকজনক চিমেন চাপৰি আৰক্ষী থানাৰ চমকং লকলুং গাঁৱৰ প্ৰয়াত হৰেশ্বৰ বড়োৰ পুত্ৰ টংকেশ্বৰ বড়ো বুলি চিনাক্ত কৰা হৈছে । নিশা মানসিক ভাৰসাম্য হেৰুৱাই ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন । চিমেন চাপৰি ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ২৫ মিটাৰ দূৰত্বত ৰে'লৰ চিৰিত শুই থকা অৱস্থাত চলন্ত ইন্টাৰচিটি ৰে'লখনে কাটি দুছোৱা কৰি থৈ যায় টংকেশ্বৰ বড়োক । শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত চিমেন চাপৰি আৰক্ষী উপস্থিত হৈ পৰিয়ালৰ লোকৰ উপস্থিতিত মৃতদেহ চিনাক্ত কৰি মৰনোত্তৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.