চাইকেল চলাই পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ আহ্বান নাহৰকটীয়া চাইকেল ক্লাৱৰ

By

Published : Jun 3, 2021, 10:59 PM IST

thumbnail
বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড়ৰ নাহৰকটীয়াতো পালন কৰা হয় বিশ্ব চাইকেল দিৱস ৷ এসময়ৰ যাতায়তৰ অপৰিহাৰ্য অংশ চাইকেলক আধুনিক জীৱন শৈলীত যেন এতিয়া একপ্ৰকাৰে এলাগী কৰা হৈছে । কিন্তু ইয়াৰ গুণ গৰিমা ম্লান কৰিব পৰা নাই সময়েও । সেয়েহে চাইকেলক পুনৰ দৈনন্দিন জীৱনৰ অংশ কৰি তুলিবলৈ হাতত লোৱা হৈছে এক প্ৰচেষ্টা । বিশ্ব চাইকেল দিৱসৰ দিনটোত নাহৰকটীয়াত এনেদৰে আগবাঢ়ি আহিল নাহৰকটীয়া চাইকেল ক্লাৱ । ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে নিজকে সতেজ আৰু সুৰক্ষিত কৰাৰ লগতে সমাজত চাইকেল চলোৱাৰ অভ্যাস গঢ় দিয়াৰ লক্ষ্যৰে বিগত এবছৰ পূৰ্বে নাহৰকটীয়াৰ উদীয়মান যুৱক পৰাগ হাজৰিকাৰ নেতৃত্বত গঠন হৈছিল নাহৰকটীয়া চাইকেল ক্লাৱ । এবছৰ ধৰি ক্লাৱৰ সদস্যসকলে প্ৰতিদিনে পুৱা নিজৰ নিজৰ চাইকেলখন লৈ ওলাই আহে । চাইকেল চলালে গাড়ী মটৰৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষণ তথা শব্দ প্ৰদূষণ ৰোধ হয় । গাড়ী মটৰৰ পৰা নিৰ্গত হোৱা ধোৱাই বায়ুমণ্ডল প্ৰদূষিত কৰাৰ ফলত প্ৰদূষণৰ সৃষ্টি হোৱাৰ উপৰিও মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ দেখা দিয়ে । চাইকেল চলালে এনে বায়ু প্ৰদূষণকো ৰোধ কৰিব পৰা যায় । সেয়েহে সকলোৱে চাইকেল চলাই নিজৰ লগতে পৰিৱেশ সুস্থ ৰখাত অৰিহণা যোগাওক ৷ বিশ্ব চাইকেল দিৱসত এই আহ্বান জনালে নাহৰকটীয়া চাইকেল ক্লাৱৰ বিষয়ববীয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.