যান্ত্ৰিকতাৰ মাজতো মৰাণৰ পথৰাত অক্ষুন্ন থলুৱা কৃষি পৰম্পৰা - পথাৰৰ কেঁচা মাটিৰ গোন্ধ
🎬 Watch Now: Feature Video

আধুনিকতাৰ গ্ৰাসত পৰি ক্ৰমাৎ যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে অতীজৰ পথাৰৰ গৰুৰ হালখন ৷ হাতত এচাৰি লৈ, গৰু খেদি নাঙলৰ মুঠিত ধৰি মাটি চহোৱা দৃশ্য সমূহ এতিয়া যেন অতীত হ'ল ৷ বহুতৰ বাবে আজি ইতিহাস হ'ল নাঙল- যুৱলি-মৈ ৷ বহুতে নাঙল-যুৱলি,মৈৰ লগতে পথাৰৰ কেঁচা মাটিৰ গোন্ধ নোপোৱাকৈ যান্ত্ৰিকতাৰ পৃথিৱীত ভৰি থলে । কিন্তু ইয়াৰ মাজতে যান্ত্ৰিকতাৰ দিনতো মৰাণৰ কৃষকে গৰুৰে মাটি চহাই ধৰি ৰাখিছে পৰম্পৰা । চৌদিশে ক'ভিডৰ ভয়াৱহ পৰিস্থিতি অব্যাহত থকাৰ মাজতে মৰাণৰ কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিপথাৰত ৷ যান্ত্ৰিকতাৰ দিনত টেক্টৰেৰে হাল বাই খেতি কৰা সময়তে মৰাণৰ ঘোঁৰাগাছৰ খেতি পথাৰত গৰুৰে হালবাই ব্যস্ত হৈ পৰিছে কৃষকসকল ৷ অসমীয়া আহাৰ মাহ সোমোৱাৰ লগে লগে যেনৰ মুৰ দাঙিবলৈ আহৰি নোহোৱা হৈছে কৃষকসকলৰ ৷ কিন্তু এই চহা কৃষকসকলে কৃষি বিভাগৰ পৰা কোনো সাহাৰ্য্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ তথাপিও ঘৰৰ পোহনীয়া গৰু হালেৰে খেতি কৰি গৈছে এই সকল কৃষকে ৷