অ’এনজিচিৰ তিনি বিষয়া অপহৰণ: সন্দেহৰ আঙুলি আলফা(স্বা)লৈ

By

Published : Apr 21, 2021, 2:11 PM IST

Updated : Apr 21, 2021, 4:56 PM IST

thumbnail
পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰায় 6 মাহ পূৰ্বে শিক্ষা সাং কৰি চাকৰিত যোগদান কৰা সৰ্বাইবন্ধাৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত বৈছে শোকৰ বন্যা ৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি কৰ্মস্থলীত যোগদান কৰা অভিযন্তা গৰাকীক অপহৰণৰ খবৰ বিয়পি পৰাত দুখত ভাগি পৰিছে আত্মীয়-স্বজন ৷ ইফালে বহু দেৰিলৈকে অভিযন্তা গৰাকীৰ ঘৰত স্থানীয় আৰক্ষী উপস্থিত নোহোৱাত স্থানীয় লোক ক্ষোভিত হৈ পৰিছিল যদিও যথেষ্ট পলমকৈ উপস্থিত হ'ল যোৰহাট আৰক্ষী ৷ যোৰহাট সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰি আলফা(স্বা) এই ঘটনাৰ লগত জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷
Last Updated : Apr 21, 2021, 4:56 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.