ক'ভিড-১৯ য়ে উকা কৰিলে টীয়কৰ ঐতিহাসিক ঈদগাহ - ৰাজ্যতো কালৰূপ
🎬 Watch Now: Feature Video
পবিত্র ৰমজান মাহৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী ৰাইজে কঠিন ক'ভিড প্ৰট'কলৰ মাজতে আয়োজন কৰিছে ত্যাগ, সংযম আৰু মানৱতাবোধৰ প্ৰতীক স্বৰূপ ঈদ-উল-ফিটৰ । কিন্তু এইবাৰ পৃথিৱীৰ অসুখ । দেশৰ লগতে ৰাজ্যতো কালৰূপ ধাৰণ কৰিলে ক'ৰণাই । মহামাৰী সদৃশ ক'ভিডৰ কোপত পৰি গৌণ হৈ পৰিল ঈদৰ আনন্দ-উল্লাস । স্বাভাৱিকতে ঈদৰ নামাজ মুকলি আকাশৰ তলত সমূহীয়াকৈ আয়োজন কৰে যদিও এইবাৰ উকা হৈ পৰিল ঐতিহাসিক ঈদগাহ সমূহ । সমূহীয়া নামাজৰপৰা বিৰত থাকিব লগা হ'ল ইছলামীয় ৰাইজ । চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰ'ট'কল ৰক্ষা কৰি ঘৰতেই ইছলাম ধৰ্মালম্বী লোকসকলে নামাজ পঢ়ি মাথোঁ আনুষ্ঠানিকতা ৰক্ষা কৰে। যোৰহাটৰ হিন্দু-মুছলমানৰ সমন্বয়ৰ স্থলী স্বৰূপ ঐতিহাসিক কাকজান ঈদগাহত ১৯৩২ চনৰে পৰা ঈদ-উল-ফিটৰৰ দিনা সমুহীয়াকৈ নামাজৰ আয়োজন কৰি আহিছিল যদিও ক'ভিডৰ ভয়াৱহ সংক্ৰমণৰ পৰিণতিত এইবাৰ বিৰত থাকিল সকলো ।