Football tournament: শদিয়াত ৰাজ্যিক ভিত্তিত ফুটবল খেলৰ আয়োজন

By

Published : Oct 15, 2022, 2:58 PM IST

thumbnail
শদিয়াত টাই আহোম যুৱ পৰিষদৰ শদিয়া মহকুমা সমিতিৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব ছ্যু-কা-ফা কাপ ২০২২(Sukaphaa cup 2022 football tournament) । ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ'ব লগা খেলখন অনুষ্ঠিত হ'ব চাপাখোৱাৰ বীৰ লাচিত ষ্টেডিয়ামত(Football Tournament at Sodia) । সেই উদ্দেশ্যে ব্যাপক প্ৰস্তুতি চলাইছে টাইপা শদিয়া মহকুমা সমিতিয়ে । ৰাজ্যিক পৰ্যায়ৰ এই খেলখনি অনুষ্ঠিত কৰা হ'ব চাও লুং চ্যুকাফা বহুমুখী কল্যাণ সমিতিৰ সৌজন্যত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত । বিজয়ী দললৈ ১ লাখ আৰু ৰাণাৰ্চ আপলৈ আগবঢ়োৱা হ'ব ৬০ হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ । নিচাজাতীয় দ্ৰব্যৰ গ্ৰাসত পৰা নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশেই এই প্ৰচেষ্টা বুলি উল্লেখ কৰে উদ্যোক্তাসকলে । খেলখনত সমুহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা আয়োজক সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.