thumbnail

ৰঙাপৰাত কটা মূৰ হাতত লৈ থানাত উপস্থিত হত্যাকাৰী

By

Published : Aug 16, 2022, 12:38 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড(Murder at night in Rangapara) । গভীৰ নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হ'ল এজন ২৫ বছৰীয়া যুৱক । যিটো দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে হতভম্ব হৈ পৰে ৰঙাপৰা আৰক্ষী । ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰ গাঁৱৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে একেখন গাঁৱৰে নিৱাসী ব্ৰইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া বৃদ্ধ গৰাকীক শিৰচ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি আহি কটা মূৰটো আৰু দাখনৰ সৈতে থানাত উপস্থিত হয় । ব্ৰইলৰ হেমৰম নামৰ বৃদ্ধজনে টুনিৰাম মাদ্ৰীক মাত্ৰ পাঁচশ টকা বিচাৰিছিল । পাছত টুনিৰাম মাদ্ৰীয়ে টকা নিদিয়াৰ বাবে ব্ৰইলৰ হেমৰমে চাই লম বুলি ভাবুকি দিয়াত খঙত অগ্নিশৰ্মা লৈ হাতত থকা চোকা অস্ত্ৰখনৰে ডিঙিত ঘপিয়াই শিৰচ্ছেদ কৰে । ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.