বিহালী দক্ষিণ ৰাংছালী দ্বীপজ্যোতি ক্ৰীড়াৰ উদ্যোগত ৰঙালী বিহু উদযাপন - বিহালীত ৰঙালী বিহু উদযাপন
🎬 Watch Now: Feature Video
আজি বহাগৰ পহিলা দিন আৰু মানুহ বিহু (Assamese Festival) ৷ সমগ্ৰ অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু (Rangali Bihu 2022) । চৌদিশ মুখৰিত হৈ পৰিছে ঢোল-পেঁপা গগনাৰ মাতত । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিহালীতো আয়োজন কৰা হৈছে হেপাঁহৰ ৰঙালী বিহুটি (Rongali bihu celebration at Behali ) ৷ অসম চৰকাৰৰ দ্বাৰা আৰ্থিক সাহাৰ্য প্ৰাপ্ত 31তম দক্ষিণ ৰাংছালী ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰিছে বহাগ বিহু ৷ এই বিহু অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি শ্ৰীমন্ত দাসে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ মহকুমা অনূসুচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ অৰুপ কুমাৰ দাস, বিশিষ্ট সমাজ কৰ্মী ৰূপক শৰ্মা, বিহালী মণ্ডল কমিটি সভাপতি লাচিত বৰা, বটিয়ামাৰী গাঁও পঞ্চায়ত সভাপতি ফুলমণি দাসকে ধৰি অঞ্চলটো তিনি শতাধিক লোক ।