thumbnail

নাৰায়ণপুৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

By

Published : Aug 27, 2022, 1:23 PM IST

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কাচিকতা দেউৰী গাঁৱত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড(Robbery took place in Narayanpur) । সত্য হাজৰিকা নামৰ এজন ৰাইচ মিলৰ ব্যৱসায়ীক নিশা ৯ মান বজাত বিহপুৰীয়াৰ পৰা বাইকেৰে শ্ৰীভূঞাৰ নিজ গৃহলৈ আহি থকাৰ পথত সংঘটিত হয় এই ডকাইতি কাণ্ড । প্ৰায় পোন্ধৰ-বিশ জনীয়া এটা দূৰ্বৃত্তৰ দলে আগচি ধৰি আক্ৰমণ কৰি লৈ যাই নগদ ধন আৰু ৰাইচ মিলৰ কিছু সা-সজুঁলি । বাইকখনৰো বিস্তৰ ক্ষতিসাধন কৰে দুৰ্বৃত্তৰ দলটোৱে । দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপাপ্ত হাজৰিকাক নিশাই ভৰ্তি কৰোৱা হয় নাৰায়ণপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত(One injured in robber attack) । পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.