লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা: দুৰ্ঘটনাত থিতাতে নিহত এজন - ভয়ংকৰ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video

লখিমপুৰ জিলাৰ পথালি পাহাৰত আজি নৱমীৰ দিনাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Lakhimpur) ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ পথালি পাহাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ আৰু স্কুটিৰ মাজত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত চকুৰ সন্মুখতে পিতৃক হেৰুৱাই কান্দোনত ভাঙি পৰিছে পুত্ৰসহ মাতৃ ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, দুৰ্গা পূজা চাবৰ বাবে স্কুটিৰে আহিছিল একেটি পৰিয়ালৰ তিনিজনকৈ সদস্য । লখিমপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱালৈ বুলি পিতৃ, মাতৃ আৰু পুত্ৰ আহি থকা স্কুটিসহিতে আটাইয়ে দুৰ্ভাগ্যবশতঃ মুখামুখী হ’ল ভয়ংকৰ দুৰ্ঘটনাটোৰ ৷ লগে লগেই থিতাতে মৃত্যু হয় বিহপুৰীয়াৰ কেঞামৰাৰ স্বপন বিশ্বাস ৷ আনহাতে স্থানীয় ৰাইজৰ অভিযোগ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখন (Hit And Run Case) ৷