বনভোজলৈ গৈ সন্ধানহীন ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান

By

Published : Jun 12, 2022, 4:29 PM IST

thumbnail
তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বগামাটীত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ বনভোজ খাবলৈ আহি নিৰুদ্দেশ এজন লোক ৷ লোকজনক নৈৰ সোঁতে উটুৱাই নিয়াৰ সন্দেহ ৰাইজৰ ৷ ঘটনা অনুসৰি, থানেশ্বৰ বড়ো নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানজন তেওঁৰ বন্ধুৰ লগত বনভোজ খাবলৈ বগামাটীলৈ আহিছিল ৷ তাতেই আবেলি ভাত খাই বৰনদীত গা ধুবলৈ গৈ নদী পাৰ হওঁতে বৰনদীৰ কোবাল সোঁতে উটুয়াই নিয়ে মহৰিপাৰা গাঁৱৰ পুখুৰী পাৰৰ থানেশ্বৰ বড়োক (Ritered Indian Army Jovan missing at Barnadi river) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত শুৱাগপুৰ আৰক্ষী, SDRF আৰু NDRF লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও এই পৰ্যন্ত কোনো ধৰণৰ সম্ভেদ পোৱা নাই অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.