ETV Bharat / state

শিৱলিংগত কি কি অৰ্পণ কৰিলে কি কি ভাল ফল লাভ কৰিব ? - MAHA SHIVRATRI 2025

শিৱলিংগত কেনেকুৱা ধৰণৰ সামগ্ৰী অৰ্পণ কৰা উচিত ? কি কি ফুল অৰ্পণ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই..

MAHA SHIVRATRI
জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 11:32 AM IST

গুৱাহাটী : আজি মহাশিৱৰাত্রি। সনাতনীধর্মী লোকসকলৰ বাবে আজি এটা বিশেষ দিন । আজিৰ এই দিনটোতে মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ অনুষ্ঠিত হৈছিল বুলি কোৱা হয় । সেয়ে লোকবিশ্বাস অনুসৰি শিৱৰাত্রিৰ দিনা শিৱৰ ব্ৰত পালন কৰিলে মনৰ আশা সোনকালে পূৰণ হয় বা মনে বিচৰা ফল পোৱা যায় ।

তদুপৰি বছৰটো যিমানখিনি ব্ৰত কৰা যায়,সেই গোটেইখিনি ব্ৰত মিলি যি পুণ্য পোৱা যায়,সেই পুণ্য কেৱল শিৱৰাত্রিৰ ব্ৰত কৰিলেই লাভ কৰিব পাৰি । শিৱৰাত্ৰিত চাৰি প্ৰহৰৰ পূজা হয় । সেয়েহে ৰাতি পূজা কৰা হয় । কিন্তু কোনো কোনো ক্ষেত্ৰত এক প্ৰহৰৰ পূজা কৰিয়ে সামৰি থোৱা হয় ।

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা (ETV Bharat Assam)

শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ?

শিৱলিংগত পানী, গাখীৰ, মৌ, দৈ আদিৰে অভিষেক কৰা দেখা যায় । বিশেষকৈ শিৱলিংগত যদি আপুনি পানী ঢালে তেন্তে মনৰ প্ৰশান্তি ঘূৰি আহে । আনহাতে, মানসিক শান্তিৰ বাবে শিৱলিংগত গাখীৰ অৰ্পণ কৰিব পাৰে । একাগ্ৰতা, স্থিৰতাৰ বাবে দৈ, ঘি, মৌ অৰ্পণ কৰিব পাৰে । তদুপৰি চাউল আৰু তিলো আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰে । ফল হিচাপে মহাদেৱৰ চৰণত যিকোনো গোটা ফল অৰ্পণ কৰিব পাৰে । আনহাতে, চাকি জ্বলালে সদায় দুগছ চাকি জ্বলাব লাগে, ঘি চাকি জ্বলাব পাৰিলে ভাল ।

MAHA SHIVRATRI
শিৱলিংগত কেনেকুৱা ধৰণৰ সামগ্ৰী অৰ্পণ কৰিব (ETV Bharat Assam)

শিৱ পূজাত কি কি ফুল অৰ্পণ কৰিব লাগে ?

ফুলৰ ক্ষেত্ৰত শিৱলিংগত নীলা বা বগা অপৰাজিতা ফুল, যিকোনো বগা ফুল, ধতুৰা ফুল, দোৰোণ আৰু আকণ ফুল অৰ্পণ কৰিব পাৰে । লগতে বেলপাত, বেল শিৱলিংগত অৰ্পণ কৰাটো অপৰিহাৰ্য । ধতুৰা আৰু আকন্দৰ ফুল মহাদেৱৰ খুবেই প্রিয় ।

MAHA SHIVRATRI
শিৱ পূজাত কি কি ফুল অৰ্পণ কৰিব (ETV Bharat Assam)

শিৱলিংগত কি কি অৰ্পণ কৰিলে কেনে ফল লাভ কৰিব ?

১) বিবাহত যদি বাধা আহিছে তেন্তে গাখীৰৰ লগত কেশৰ মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে ।

২) কিবা কামৰ বাবে যদি নিজকে দোষী অনুভৱ হৈ আছে তেন্তে পানীৰ লগত ক’লা তিল মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে ।

৩) সৌভাগ্য বৃদ্ধিৰ বাবে যৱ অৰ্পণ কৰিব পাৰে ।

৪) মনৰ যদি কিবা ইচ্ছা আছে তেন্তে ২১ টা নিখুঁত বেলপাতত ঔম্ নমঃ শিৱায় লিখি শিৱলিংগত অৰ্পণ কৰিব পাৰে ।

৫) শিৱৰাত্রিৰ দিনা দুখীয়াক ভোজন কৰাব পাৰিলে আপোনাৰ ঘৰত অন্নৰ কেতিয়াও প্ৰয়োজন কম নহয় ।

৬) ষাড়গৰুক গোটা মুগুমাহ খুৱাব পাৰিলে ভাগ্য উদয় হয় ।

৭) মহামৃত্যুঞ্জয় মন্ত্ৰ ১০৮ বাৰ জপ কৰিব পাৰিলেও ৰোগৰ ভয়, মৃত্যুৰ ভয় নাশ হয় ।

সন্তানপ্ৰাপ্তিত যদি বাধা পায় আছে তেন্তে কৰক এই কাম

সন্তানপ্ৰাপ্তিত বাধা পায় থকা লোকসকলে শিৱ পূজাৰ দিনা আটাৰে ১১ টা শিৱলিংগ বনাই তাত পানী, গাখীৰ, মৌ, দৈ আদিৰে অভিষেক কৰাৰ লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ ১০৮ বাৰ জপ কৰিলে বহুক্ষেত্ৰত ভাল ফল লাভ কৰাত সহায় হ'ব ।

লগতে পঢ়ক:মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত জানক উমানন্দ মন্দিৰৰ ইতিহাস - MAHA SHIVRATRI 2025

গুপ্তকাশীলৈ গৈছেনে ? ভগৱান শিৱৰ লগত এই স্থানৰ সম্পৰ্ক কি বাৰু ? - MAHA SHIVRATRI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.