হায়দৰাবাদ: আমাৰ সৌৰজগতৰ সাতটা গ্ৰহই এক বিৰল গ্ৰহৰ পেৰেডত একাকাৰ হৈ থকাৰ সময়তে এই সপ্তাহত নিশাৰ আকাশখনত দেখিবলৈ পোৱা যাব আন এক আকৰ্ষণীয় দৃশ্য ।
নাছাই জানিবলৈ দিয়া অনুসৰি 2040 চনলৈকে পুনৰ সংঘটিত নহ’ব এই ঘটনা আৰু এই অসাধাৰণ প্ৰান্তিককৰণ চলিত বৰ্ষৰ 28 ফেব্ৰুৱাৰীত শিখৰত উপনীত হ’ব । এই দৃশ্যই জ্যোতিৰ্বিজ্ঞান অনুৰাগী, যিকোনো প্ৰত্যক্ষদৰ্শীৰ লগতে এই প্ৰজন্মৰ বাবে দৰ্শনীয় দৃশ্য হ’ব বুলি জানিবলৈ দিছে ।
নাছাই জনোৱা অনুসৰি মহাকাশত মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, নেপচুন আৰু ইউৰেনাছৰ ‘পেৰেড’ দেখা যাব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এই ঘটনা পৃথিৱীৰ পৰাই দৃশ্যমান হ’ব বুলি প্ৰকাশ কৰিছে । নাছাই 2025 চনৰ গ্ৰহ পেৰেড কেনেকৈ চাব পাৰি তাৰ তথ্যও প্ৰদান কৰিছে ।
Planets are the star of the show during the Planet Parade! Through February the planetary alignment will be visible from Earth! This celestial event is now on rotation on The Exosphere 🪐 pic.twitter.com/bA5RzN8siA
— Sphere (@SphereVegas) January 25, 2025
কি এই গ্ৰহৰ পেৰেড ?
এই বিৰল পৰিঘটনাক নাম দিয়া ‘প্লেনেটৰী পেৰেড’ ৷ ইয়াৰ সৈতে আমাৰ পৰিচিত গ্ৰহৰ কোনো মিল নাই ৷ অৰ্থাৎ গ্ৰহবোৰে সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি যি এডাল সৰলৰেখাত উপনীত হয় সেয়া এই নহয় ৷ মহাকাশবিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি সেই দিনটোত সকলোবোৰ গ্ৰহ সূৰ্যৰ এটা দিশে থাকিব আৰু এই ঘটনা পৃথিৱীৰ পৰা দেখিবলৈ পোৱা যাব ৷ এই গ্ৰহবোৰ সূৰ্যৰ পৰা এটা দিশে থকা সত্বেও পৃথিৱীৰ পৰা চালে এনে লাগিব যেন এই গ্ৰহবোৰ একেডাল সৰলৰেখাতে আছে । কিন্তু নাছাৰ বিজ্ঞানীসকলে কৈছে যে আচলতে প্ৰতিটো গ্ৰহ একে স্থানতে থাকিব ।
কেতিয়া দেখা যাব ?
নাছাৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া অনুসৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰাই গ্ৰহবোৰে নিৰ্দিষ্ট স্থানলৈ আহিবলৈ আৰম্ভ কৰিব ৷ অৰ্থাৎ সেই স্থানত উপস্থিত হ’ব য’ত প্লেনেটৰী পেৰেড সংঘটিত হ’ব ৷
কেনেদৰে প্ৰত্যক্ষ কৰিব ?
বিজ্ঞানীসকলে দূৰবীণ অথবা টেলিস্কোপ ব্যৱহাৰ কৰি এই দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব বুলি বিজ্ঞানীসকলে কয় ৷ সূৰ্যাস্তৰ পাচত এই দৃশ্য চাব পাৰিব বুলি বিজ্ঞানীসকলে জনায় ৷ আনকি প্ৰতিটো গ্ৰহ দেখিবলৈ পোৱা নাযাব বুলিও বিজ্ঞানীসকলে জনায় ৷ বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি ইয়াৰে একাংশ গ্ৰহ স্পষ্টকৈ দেখা যাব আৰু আন একাংশ গ্ৰহ অস্পষ্টকৈ দেখা যাব ৷ একাংশ গ্ৰহ দেখা নাযাবও পাৰে ৷
ভাৰতৰ ক’ত ক’ত দেখিবলৈ পোৱা যাব ?
এই অসাধাৰণ প্ৰান্তিককৰণ সমগ্ৰ ভাৰততে দৃশ্যমান হ’ব, যাৰ ফলত বৃহৎ চহৰ আৰু নগৰৰ বাসিন্দাসকলে এই সময়ৰ সাক্ষী হ’ব পাৰিব । দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই, কলকাতা, হায়দৰাবাদ, পুনে, জয়পুৰ, লক্ষ্ণৌ, নয়ডা, ইন্দোৰ, কানপুৰ, গুৱাহাটী, গেংটক, আহমেদাবাদ আৰু ডেৰাডুনৰ দৰে চহৰত স্পষ্ট দৰ্শনৰ সুযোগ থাকিব, যদিহে আকাশ ফৰকাল আৰু পোহৰ প্ৰদূষণৰ পৰা মুক্ত হয় ।
কোনকেইটা গ্ৰহ দেখিবলৈ পোৱা যাব ?
শুক্ৰ, মংগল, বৃহস্পতি আৰু ইউৰেনাছক কোনো সঁজুলি অবিহনে সহজে দেখা পোৱা যাব ৷ আনহাতে বুধ, শনি আৰু নেপচুন গ্ৰহক আলোকীয় সহায়ৰ প্ৰয়োজন হ’ব । এই দিনটোl শুক্ৰ গ্ৰহ আটাইতকৈ উজ্জ্বলকৈ দেখিবলৈ পোৱা যাব ৷ সাধাৰণ ৰঙা ৰঙত দেখিবলৈ পোৱা যাব মংগল গ্ৰহ ৷ বৃহস্পতি দ্বিতীয়টো উজ্জ্বল গ্ৰহ ৷ বৃহস্পতি গ্ৰহকো দেখা যাব এই দিনটোত ৷ সকলোৰে শেষত দেখা যাব বুধ গ্ৰহক ৷
লগতে পঢ়ক