Drugs seized in Rangia: ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ইমৰাণ - Police anti drug operation continues in Rangia
🎬 Watch Now: Feature Video
ৰঙিয়াত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Police anti-drug operation continues in Rangia) । ড্ৰাগছসহ আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ ড্ৰাগছ সৰবৰাহকাৰী ইমৰাণ আলীক(Police arrest drug trafficker in red hands with drugs) । দীৰ্ঘদিন ধৰি ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল ইমৰাণ আলীৰ বিৰুদ্ধে । গাঁৱে-গাঁৱে কাপোৰ বিক্ৰী কৰিবলৈ গৈ ড্ৰাগছ বিক্ৰী কৰি আহিছিল ইমৰাণে । অৱশেষত দেওবাৰে নিশা ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা মুহুৰ্তত আৰক্ষীয়ে উদিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰে ইমৰাণক । অভিযান কালত আৰক্ষীৰ দলটোৱে ৬.১২ গ্ৰাম হেৰ'ইন সহ এখন নম্বৰপ্লেট বিহীন বাইক জব্দ কৰিবলৈ সক্ষম হয় ।
TAGGED:
Drugs seized in Rangia