HSLC results 2022: উজলি উঠিল কলগাছিয়া পাব্লিক স্কুল - public school achievements in kalgachia in hslc exam
🎬 Watch Now: Feature Video

সদ্যঘোষিত HSLC পৰীক্ষাৰ ফলাফলে আনন্দৰ ঢল বোৱাইছে কলগাছিয়াৰ এখন বিদ্যালয়লৈ । ফলাফল অনুসৰি কলগাছিয়া পাব্লিক স্কুলৰ পৰা ৫ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্বন আৰু ৪ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে(Satisfactory results of Kalgachia Public School) । বিদ্যালয়খনৰ পৰা মুঠ,৩১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল HSLC পৰীক্ষাত । তাৰে ভিতৰত আলিমুল ইছলামে ৯৬.৫ শতাংশ, ইঞ্জামামূল হকে ৯৫ শতাংশ, ৰকিবুল প্ৰামাণিকে ৯৪.৭ শতাংশ, মমিনুল হাচানে ৯৩.৫ শতাংশ যাৰা জামানে ৯১.৪ শতাংশ নম্বৰ লৈ ডিষ্টিংশ্বন লাভ কৰাৰ লগতে চাৰি গৰাকীকৈ ছাত্ৰই ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও বিদ্যালয়খনত এইবৰ্ষত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।
TAGGED:
HSLC exam results 2022