ETV Bharat / technology

Jio vs Airtel vs Vi vs BSNL: ছিমখন সক্ৰিয় কৰি ৰাখিবৰ বাবে কোনে প্ৰদান কৰিছে সস্তীয়া ৰিচাৰ্জ প্লেন ? - JIO VS AIRTEL VS VI VS BSNL

এই প্ৰতিবেদনত ভাৰতৰ টেলিকম সেৱা প্ৰদানকাৰীয়ে আপোনাৰ ছিমখন সক্ৰিয় কৰি ৰাখিবৰ বাবে আগবঢ়োৱা আটাইতকৈ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেনৰ বিষয়ে তথ্য আগবঢ়োৱা হৈছে ৷

jio-vs-airtel-vs-vi-vs-bsnl-the-most-affordable-recharge-plans-to-keep-your-sim-active-in-assamese
Jio vs Airtel vs Vi vs BSNL: ছিমখন সক্ৰিয় কৰি ৰাখিবৰ বাবে কোনে প্ৰদান কৰিছে সস্তীয়া ৰিচাৰ্জ প্লেন ? (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Feb 25, 2025, 10:22 AM IST

হায়দৰাবাদ: টেলিকম সেৱা প্ৰদানকাৰী কোম্পানী ৰিলায়েন্স জিঅ’, ভাৰতী এয়াৰটেল, ভোডাফোন আইডিয়া (Vi) আৰু বিএছএনএলে (ভাৰত সঞ্চাৰ নিগম লিমিটেড) শেহতীয়াকৈ নতুন ৰিচাৰ্জ প্লেন মুকলি কৰিছে । তেওঁলোকৰ প্ৰিপেইড প্লেন অফাৰৰ দৰেই ছিম কাৰ্ড সক্ৰিয় কৰি ৰখাৰো প্লেন কোম্পানীভেদে বেলেগ বেলেগ । ইয়াত 2025 চনত ৰিলায়েন্স জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া (Vi) আৰু বিএছএনএল (ভাৰত সঞ্চাৰ নিগম লিমিটেড)ৰ দৰে টেলিকম সেৱা প্ৰদানকাৰীয়ে আগবঢ়োৱা সৰ্বনিম্ন ৰিচাৰ্জ প্লেনৰ বিৱৰণ দিয়া হৈছে।

2025 চনত সৰ্বাধিক সস্তীয়া ৰিচাৰ্জ প্লেন

ৰিলায়েন্স জিঅ’: যদি আপুনি জিঅ’ ব্যৱহাৰকাৰী তেন্তে 189 টকাৰ ৰিচাৰ্জ প্লেন আপোনাৰ ছিম সক্ৰিয় কৰি ৰখাৰ বাবে আটাইতকৈ সুলভ বিকল্প । 28 দিনৰ বৈধতাৰ সৈতে এই প্লেনটোৱে আনলিমিটেড ভইচ কল, 300 এছএমএছ আৰু 2 GB ডাটা প্ৰদান কৰে । ইয়াৰ উপৰিও ইয়াত জিঅ’ এপ, যেনে জিঅ’টিভি আৰু জিঅ’ক্লাউডৰ ব্যৱহাৰৰো সুবিধাও আছে ।

এয়াৰটেল: এয়াৰটেল ব্যৱহাৰকাৰীসকলৰ ছিম সক্ৰিয় কৰি ৰখাৰ বাবে আটাইতকৈ সুলভ ৰিচাৰ্জ প্লেন হৈছে 199 টকা, যিটো ৰিলায়েন্স জিঅ’ৰ সুলভ মূল্যৰ প্লেনতকৈ 100 টকা ব্যয়বহুল । 199 টকীয়া ৰিচাৰ্জ প্লেনত 28 দিনৰ বৈধতাৰ বাবে প্ৰতিদিনে আনলিমিটেড ভইচ কল আৰু 100 এছএমএছৰ সুবিধা আছে । তদুপৰি ৰিচাৰ্জ প্লেনত প্লেনৰ বৈধতাৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ 2 GB ডাটাও আছে ।

ভোডাফোন আইডিয়া (Vi): Vi ব্যৱহাৰকাৰীৰ বাবে আটাইতকৈ সুলভ ৰিচাৰ্জ প্লেনৰ মূল্য স্থানভেদে বিভিন্ন । VI এ কিছুমান এলেকাত 99 টকাৰ ৰিচাৰ্জ প্লেন মুকলি কৰিছে, আন কোনো অঞ্চলত 155 টকীয়া প্লেন আছে । 99 টকীয়া ৰিচাৰ্জ প্লেন 15 দিনৰ বাবে বৈধ আৰু 500 এমবি ডাটাৰ লগতে 99 টকাৰ টক টাইম আৰু ষ্টেণ্ডাৰ্ড ৰেটত 1900 লৈ পৰ্ট আউট এছএমএছ প্ৰেৰণ কৰাৰ বাহিৰে কোনো এছএমএছ সুবিধা প্ৰদান কৰা হোৱা নাই । ইফালে, 155 টকীয়া ৰিচাৰ্জ প্লেনৰ বৈধতা 20 দিনৰ বাবে আৰু ইয়াত আনলিমিটেড ভইচ কল, 300 এছএমএছ আৰু 1 জিবি ডাটা উপলব্ধ ।

বিএছএনএল: সকলোৰে ভিতৰত বিএছএনএলে 59 টকাত সৰ্বাধিক সুলভ মূল্যত ৰিচাৰ্জ প্লেন আগবঢ়াইছে যাৰ বৈধতা 7 দিনৰ । এই ৰিচাৰ্জ প্লেনে আনলিমিটেড ভইচ কল আৰু 1 জিবি দৈনিক ডাটা প্ৰদান কৰে । যদি আপুনি ৰিচাৰ্জ প্লেনটো অলপ বেছি দিনলৈ বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি 99 টকাৰ ৰিচাৰ্জ কৰিব পাৰিব যাৰ বৈধতা 17 দিনৰ আৰু কেৱল আনলিমিটেড কলিংৰ সুবিধা আছে । এই প্লেনৰ লগত এছএমএছ আৰু ডাটাৰ দৰে আন সুবিধা উপলব্ধ নাই ।

59 টকাৰ বিএছএনএলৰ প্লেন আটাইতকৈ সুলভ ৰিচাৰ্জ প্লেন যদিও ই মাত্ৰ এসপ্তাহৰ বাবেহে বৈধ । এমাহৰ বাবে জিঅ’ৰ 189 টকীয়া ৰিচাৰ্জ প্লেন এয়াৰটেলৰ 199 টকাতকৈ সস্তা যদিও পিছৰটোৱে জিঅ’ৰ তুলনাত দৈনিক এছএমএছ অধিক প্ৰদান কৰে । লক্ষণীয়ভাৱে BSNL এ 99 টকীয়া ৰিচাৰ্জ প্লেন উপলব্ধ কৰোৱাইছে যদিও ইয়াৰ সুবিধা নূন্যতম ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.