ETV Bharat / state

ৰাজ্যৰ তথা দেশৰ সাংস্কৃতিক জগতত ৰাজীৱ শদিয়াৰ নাম সোণালী আখৰেৰে লিখা থাকিব : ভূপেন যোশী - SINGER RAJIB SADIYA

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ অখিলেশ যাদৱৰ নেতৃত্বত সমাজবাদী পাৰ্টীৰ এটা সজাতি দল উপস্থিত হয় প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত ৷

LATE SINGER RAJIB SADIYA
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ঘৰত সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক ভূপেন যোশী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 12:11 PM IST

তিনিচুকীয়া : গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু প্ৰায় এমাহতকৈ অধিক সময় অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়াও প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ কাষত বা তেওঁৰ টুপছিঙাৰ বাসগৃহত দৈনিক বহু গুণমুগ্ধৰ সমাগম হোৱা পৰিলক্ষিত হৈ আছে ৷ তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই ৰাজ্যৰ আকাশ বতাহত তোলপাৰ লাগিছিল ৷

অন্যহাতে শিল্পীগৰাকীৰ জাতীয়তাবাদী চেতনাৰ ফিৰিঙতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰাৰ উপৰিও এইবাৰ ফিৰিঙতি পৰিলগৈ দেশৰ ৰাজধানী দিল্লীটো ৷ ইয়াৰে মাজতে শিল্পীগৰাকীৰ বাসগৃহত দেওবাৰে নিশা উপস্থিত হয় দেশৰ ৰাজনীতিৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ শীৰ্ষ নেতৃত্ব ৷

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ঘৰত সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক ভূপেন যোশী (ETV Bharat)

দিল্লীৰ পৰা শদিয়াত উপস্থিত হয় বিৰোধী ঐক্যৰ অন্যতম অংশীদাৰ দল তথা দেশৰ এগৰাকী বলিষ্ঠ বিৰোধী নেতা, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ অখিলেশ যাদৱৰ নেতৃত্ব বহন কৰা সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা সজাতি দল । সজাতি দলটোত থাকে কেন্দ্ৰীয় সম্পাদক ভূপেন যোশী, অসম প্ৰদেশৰ নেতৃত্বত থকা ব্ৰজেন সন্দিকৈ সহিতে কেবাজনো দলৰ শীৰ্ষ নেতা ।

লগতে পঢ়ক : জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : এটা গীতৰ বাবে চৰ্চালৈ আহিছে সীমান্ত শেখৰ, পিছে পৰিৱেশনৰ বাবে নহয় চুৰিৰ বদনামেৰেহে !

এই দলটোৱে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ লগতে গণশিল্পীগৰাকীৰ মৈদামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ কেন্দ্ৰীয় সম্পাদক ভূপেন যোশীয়ে কয়, “ৰাজীৱ শদিয়াৰ মৃত্যুত অকল অসমৰ লোকচান নহয় সমগ্ৰ দেশবাসীৰ, সাংস্কৃতিক জগতৰ লোকচান হৈছে । ৰাজীৱ শদিয়া অকল অসমৰ সম্পদ নহয় দেশৰ সম্পদ আছিল ৷ আমিও তেখেতৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো । ৰাজীৱ শদিয়াই গীতৰ জৰিয়তে সদায় অসমবাসীৰ সেৱা আগবঢ়াই আহিছিল ৷ সদায় অসমবাসীক, দেশবাসীক গানৰ জৰিয়তে একত্ৰিত কৰিবলৈ আহ্বান জনাই আহিছিল ৷’’

লগতে পঢ়ক : মৰ্মিতা মিত্ৰই ধন দিয়াৰ ঘোষণা কৰাৰ পাছতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনৰ সম্পাদকে ক’লে ভাবমূৰ্তি…

লগতে পঢ়ক : প্ৰকৃততে ৰাজীৱ শদিয়াৰ গান চুৰি কৰিছিল নেকি ! মুখ খুলিলে সীমান্ত শেখৰে ?

‘‘ৰাজ্যৰ তথা দেশৰ সাংস্কৃতিক জগতত ৰাজীৱ শদিয়াৰ নাম সোণালী আখৰেৰে লিখা থাকিব । আমি আজি পৰিয়ালৰ কাষলৈ আহিছো, এয়া কোনো ৰাজনৈতিক কাৰ্যসূচী নহয় । ৰাজীৱ শদিয়াক আমি পৰিয়ালৰ এজন বুলি ভাবিছিলো আৰু আজি আমি পৰিয়ালৰ কাষলৈ আহিছো আমি, পৰিয়ালৰ অনুমতি সাপেক্ষে অনাগত দিনত শিল্পীগৰাকীৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো ৷” ভূপেন যোশীয়ে কয় ৷

ইফালে, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিবাৰক এক স্থায়ী সংস্থাপনৰ বাট মুকলি কৰা প্ৰসংগ দিল্লীত সদনৰ মজিয়াত উপস্থাপন কৰাৰ লগতে এই বিষয়টো প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিকো পত্ৰৰ জৰিয়তে অনুৰোধ জনাব বুলি নেতাগৰাকীয়ে জানিব দিয়ে ।

লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গণশিল্পীগৰাকীৰ পত্নীক সংস্থাপনৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব যেন লগা নাই বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ কয়, ‘‘ৰাজ্যত এতিয়াও শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ ক্ষেত্ৰত কোনো বিশেষ সফলতা লাভ কৰা নাই ৷’’

লগতে পঢ়ক : শত-সহস্ৰাধিক ৰাইজে শেষ বিদায় জনালে গণশিল্পী ৰাজীৱ শদিয়াক

লগতে পঢ়ক : গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰে শ্ৰদ্ধাঞ্জলিৰ প্ৰস্তুতি গণশিল্পী ৰাজীৱ শদিয়াক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.