Appointment of specially abled people: বিশেষভাৱে সক্ষম লোকসকলক শীঘ্ৰেই নিযুক্তিৰ দাবী - Protest demanding appointment of specially abled people

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2022, 11:03 AM IST

১৯৮১ চনৰ পৰা ৰাজ্যৰ বিভিন্ন বিভাগত খালি হৈ থকা পদসমূহত বিশেষভাৱে সক্ষম লোকসকলক নিযুক্তি দিয়াৰ দাবীত সোমবাৰে ধুবুৰী জিলা বিকলাংগ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে (Protest demanding appointment of specially abled people) । ১৯৮১ চনৰ পৰা ৰাজ্যৰ বিভিন্ন বিভাগত খালি হৈ আছে চতুৰ্থ বৰ্গৰ বহু সংখ্যক পদ । সেয়ে খালি হৈ থকা এই পদসমূহত বিশেষভাৱে সক্ষম লোকক নিযুক্তি দিয়াৰ উদ্দেশ্যে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ক দায়িত্ব দিছিল ৰাজ্য চৰকাৰে ৷ সেইমৰ্মে, বিগত ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪,১৯৬ গৰাকী প্ৰাৰ্থীয়ে(Specially-abled people of Dhubri) । কিন্তু এইসকল প্ৰাৰ্থীক বাচনি কৰি আজি পৰ্যন্ত কোনো এটা বিভাগত নিযুক্তি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে বিকলাংগ সন্থাই । সেয়ে ৫১৩ টা পদকে ধৰি বাচনি হোৱা আটাইকেইগৰাকী প্ৰাৰ্থীক শীঘ্ৰেই নিযুক্তিৰ দাবী জনায় বিকলাংগ সন্থাই । অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংস্থাটোৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.