গীতেৰে শিৱসাগৰীয়া ৰাইজৰ মন মুহিলে মনোজ বৰাই - গৌৰীসাগৰ ব্যৱসায়ী সন্থা
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰবাসী ৰাইজেও উদযাপন কৰিলে ৰঙালী বিহু ৷ গৌৰীসাগৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঢোল-পেঁপা-গগণাৰ মাতত বিহু গীতৰ সুৰত মুখৰিত হ'ল গৌৰীসাগৰ তিনিআলি ৷ সদ্যপ্ৰয়াত গৌৰীসাগৰৰ ব্যৱসায়ী তুলাৰাম নেওগ সোঁৱৰণি মঞ্চত "ব'হাগৰে এসন্ধ্যা" নামেৰে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি বিহু উদযাপন কৰিলে অঞ্চলবাসীয়ে ৷ একেখন মঞ্চতে গীত পৰিৱেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বৰাই ৷