ৰাজ্যত নতুন নিৰ্দেশনা: সষ্টম মঙলদৈ আৰক্ষী - জাৰি কৰা হ’ল নতুন ক’ভিড এছঅ'পি
🎬 Watch Now: Feature Video
ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে দিনৰ 1 বজাৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাজ্যত জাৰি কৰা হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা ৷ সমান্তৰালকৈ তৎপৰ হৈ পৰিল ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷ মঙলদৈ চহৰত বৃহস্পতিবাৰে চলিল আৰক্ষীৰ কঠোৰ অভিযান ৷ দিনৰ প্ৰায় 1 বজাৰ লগে লগে বন্ধ হৈ পৰিল মঙলদৈৰ সকলো দোকান-পোহাৰ । একাংশ ব্যৱসায়ীয়ে নিৰ্দিষ্ট সময়ত দোকানসমূহ বন্ধ কৰা নাছিল যদিও আৰক্ষীৰ উপস্থিতিত বন্ধ কৰিবলৈ বাধ্য হ’ল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷