Azadi ka Amrit Mahotsav, হাতত জাতীয় পতাকা লৈ মৰাণৰ ৰাজপথত বিধায়ক চক্ৰধৰ গগৈ - হৰ ঘৰ ত্ৰিৰংগা
🎬 Watch Now: Feature Video
দেশৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে(75 Years of Independence) । বিশেষকৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচী ৰূপায়ণক লৈ তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । দেশে স্বাধীনতাৰ ৭৫ তম বৰ্ষত ভৰি দিয়াৰ উপলক্ষে দেশবাসীয়ে পালন কৰিব স্বাধীনতাৰ অমৃত মহোৎসৱ । এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা মৰাণত খোৱাং মণ্ডল বিজেপিৰ উদ্যোগত প্ৰভাতফেৰী কাৰ্যসূচী হাতত লোৱা হয় । এই কাৰ্যসূচীত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে অংশগ্ৰহণ গ্ৰহণ কৰে(Moran MLA Chakradhar Gogoi participate Prabhat Ferry) । মৰাণ কুশল নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক চক্ৰধৰ গগৈয়ে অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰাৰ লগতে নিজ নিজ বাসগৃহত ত্ৰিৰংগ পতাকা আঁৰি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ আহ্বান জনায়(Har Ghar Tiranga) ।
Last Updated : Aug 13, 2022, 12:50 PM IST