বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ
🎬 Watch Now: Feature Video
দেওবাৰে পুৱতি নিশা শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ নতুন দৈনিক বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত 30 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে কোটি কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে । অ’এনজিচি আৰু ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুই নিৰ্বাপিত হোৱাৰ পূৰ্বে ছাইত পৰিণত হয় দোকান কেইখন । আনহাতে বিদ্যুৎ বিভাগে যথা সময়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাৰ ফলতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাত পলম হয় বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীসকলে ।