মেষ ৰাশি : নিজৰ কামত মন দিয়ক । অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক । কৰ্মস্থলীত শান্ত হৈ কৰ্ম কৰক ৷ জ্যেষ্ঠসকলে আপোনাৰ সিদ্ধান্তক সমৰ্থন নকৰিবও পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ পথৰ দাঁতিৰ আহাৰ গ্ৰহণ নকৰিব, পাচন তন্ত্ৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে । সাৱধানে চলক, দুৰ্ঘটনা হ’ব পাৰে ৷
বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ মনৰ ইচ্ছা ভাগ-বতৰা কৰিবলৈ ইচ্ছা নহʼবও পাৰে ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷
মিথুন ৰাশি : দিনটো ভাল ৷ সুস্থ অনুভৱ কৰিব ৷ বন্ধু-বৰ্গ আৰু প্ৰিয়জনৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । এক সুস্বাদ্য আহাৰ গ্ৰহণ কৰিব পাৰে ।
কৰ্কট ৰাশি : দিনটো শুভ ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে ৷ বাহিৰত খাদ্য পৰিহাৰ কৰক ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নত ৷ কাৰ্যালয়টো বন্ধু-বৰ্গ আৰু সহকৰ্মীসকলে সহায়ৰ হাত লাভ কৰিব ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ যত্ন লওক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক৷ বিনিয়োগত লোকচান হ’ব পাৰে ।
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটোৰ প্ৰথম ভাগত গ্ৰহসমূহৰ স্থান ভাল ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত আৰু তেওঁলোকৰ পৰা লাভাম্বিত হ’ব । অৱশ্যে দিনটোৰ পিছত ভাগত অলপ সতৰ্ক হোৱা উচিত ৷ কিয়নো শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে আপোনালোকৰ সম্পৰ্কত আঘাত সানিব পাৰে । মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হৈ তাকিব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ।
তুলা ৰাশি : দিনটোৰ আৰম্ভণি বহুত ভালধৰণেৰে নহবও পাৰে ৷ কিন্তু দুপৰীয়াৰ পিছত সকলো ঠিক হ’ব । শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ক্লান্তি অনুভৱ কৰিব পাৰে ৷ সন্ধিয়া ঘৰত এটা সুন্দৰ পৰিৱেশ হ’ব ৷ নতুন প্ৰকল্প বা কাম আৰম্ভ কৰিব পাৰে ।
বৃশ্চিক ৰাশি : দিনটো মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷
ধনু ৰাশি : দিনটো সমস্যাৰে জৰ্জৰিত হ’ব ৷ দ্ৰুতগতিত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে । পৰাপক্ষত অস্ত্ৰোপাচাৰ নকৰিব ৷ বিনোদনৰ নামত ব্যয় হ’ব পাৰে ৷ মধ্যাহ্নৰ পিছত সকলো সমস্যাৰ সমাধান হ’ব ।
মকৰ ৰাশি : পেচাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ দুপৰীয়ালৈকে ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ দুপৰীয়াৰ পিছত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে । শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো অৱনতি হ’ব পাৰে । ব্যয় সীমিতি কৰক ৷
কুম্ভ ৰাশি : সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব । পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসা লাভৰ সম্ভাৱনা আছে । স্বাস্থ্য অতি উত্তম স্থিতিত থাকিব । বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত পিকনিক বা প্ৰমোদ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাৰ্হস্থ্য দিশত সকলো সুখদায়ক আৰু আৰামদায়ক হ’ব ৷
মীন ৰাশি : লিখা-মেলা বা বৌদ্ধিক আলোচনা আৰু কামত লিপ্ত হৈ সৃষ্টিশীল আৰু বিশেষণাত্মক কাৰ্য কৰাৰ বাবে এটা উত্তম দিন । যিকোনো কামতে সফলতা লাভ কৰিব । আৰ্থিক লাভৰ সম্ভাৱনা । শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ বিদেশত বাস কৰা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰৰ অহাৰ আশা আছে ।