ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহা পালনাম ও বৰসভাৰ আয়োজন - ঢেকীয়াখোৱা বৰনামঘৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11192010-thumbnail-3x2-bngmnhm.jpg)
মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহা পালনাম আৰু বৰসভা । প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই পালনাম আয়োজন হৈছিল যদিও নিৰ্বাচনৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু ভক্ত বৈষ্ণৱে ভাগ লোৱাৰ লগতে দেওবাৰেও মহা পালনামত বহু ভক্তৰ সমাগম ঘটে। এই নামঘৰত প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি বছৰে চ'ত মাহত এইদৰে পালনাম উৎসৱ উদযাপন কৰি অহা হৈছে যদিও বিগত বৰ্ষত ক'ভিড আতংকৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল । অৱশ্যে এইবাৰ ক'ভিডৰ ভয়াৱহতা কিছু ম্লান পৰাত পূৰ্বৰ উৎসাহেৰে দুদিনীয়াকৈ উদযাপন কৰিছে পালনাম উৎসৱ ।