গোলাঘাট : অসম সাহিত্য সভাই গ্ৰহণ কৰিছে 'সেতু বন্ধন' কাৰ্যসূচী । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত ভৱনৰ পৰা আৰম্ভ হৈছে এই সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তাৰ অভিযান । দেশৰ বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ লক্ষ্য়ৰেই গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচীৰ । ইয়াৰ অংশ ৰূপে অৰুণাচল প্ৰদেশত বুধবাৰে আৰম্ভ হ'ব 'সেতু বন্ধন' কাৰ্যসূচীৰ ।
নিচি ইলাইট ছ'চাইটি'ৰ উদ্যোগত 'ন্যুকুম য়ল্লু' :
মঙলবাৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটা সঁজাতি দল উপস্থিত হৈছে অৰুণাচল প্ৰদেশত । অৰুণাচল প্ৰদেশৰ নিচি জনগোষ্ঠীৰ সংগঠন 'নিচি ইলাইট ছ'চাইটি'ৰ উদ্যোগত চিজুছাত অনুষ্ঠিত হ'বলগীয়া 'ন্যুকুম য়ল্লু' অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে বিহুদলসহ অসম সাহিত্য সভাৰ সভাপতিৰ নেতৃত্বত এটি দলে কালি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা চিজুচাত উপস্থিত হয় । ঐক্য, শান্তি আৰু সমন্বয়ৰ বাৰ্তা লৈ অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ নেতৃত্বত দলটোৱে ভাতৃত্ববোধ কাৰ্যসূচীৰ বাবে বাহৰ পাতিছে অৰুণাচলত ।
সকলো জনগোষ্ঠীৰ মাজত সংহতিৰ বাণী বিলাব সাহিত্য় সভাই :
সাহিত্য সভাই গ্ৰহণ কৰা এই 'সেতু বন্ধন' কাৰ্যসূচীৰ জড়িয়তে অসমকে ধৰি সাতভনী ৰাজ্যসমূহৰ সকলো জনগোষ্ঠীৰ মাজত ঐক্য আৰু সংহতিৰ বাণী বিলোৱাৰ লক্ষ্য় নিৰ্ধাৰণ কৰা হৈছে । এই দলটো উপস্থিত হোৱাৰ পিচতেই 'নিচি ইলাইট ছ'চাইটি'ৰ তৰফৰ পৰা কেন্দ্ৰীয় সম্পাদক হেৰী মাৰিঙসহ অৰুণাচল প্ৰদেশৰ এটা বৃহৎ দলে অংগ-বস্ত্ৰৰে আদৰণী জনোৱাৰ লগতে সৌজন্যমূলক মত-বিনিময় কৰে ।

এই সম্পৰ্কে অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "নিচি ইলাইট ছ'চাইটি'ৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া উৎসৱত আমাক নিমন্ত্ৰণ জনাইছে আৰু আমি উক্ত অনুষ্ঠান উপভোগ কৰিম । আজি অঞ্চলৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি বহু আনন্দিত হৈছো । অসম- অৰুণাচলকে ধৰি সকলোকে সামৰি যাতে আমি সাংস্কৃতিক বন্ধনেৰে এখন সাঁকো নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম ।"

আনহাতে, এই সম্পৰ্কে অৰুণাচল প্ৰদেশৰ নিচি ইলাইট ছ'চাইটি'ৰ এজন বিষয়ববীয়াই কয়,"বুধবাৰে আমাৰ এক ডাঙৰ অনুষ্ঠান আছে । যাৰ বাবে অসম সাহিত্য সভাৰ সভাপতিক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছো আৰু আমাৰ এই অঞ্চলৰ সকলো নিচি আৰু অসমৰ পৰা অহা সকলোৱে এই অনুষ্ঠান উপভোগ কৰিব বুলি আশা ৰাখিলো ।"

এই দলটোত আছে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড৹ জ্যোতিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক অপূৰ্ব ফুকন, লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকা,বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ আদি ।