ETV Bharat / state

জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ শিৱদ'ল: মহাদেৱৰ শৰণত আঁঠু গৌৰৱ গগৈৰ - MAHA SHIVRATRI AT SHIVA DOL

শিৱৰাত্ৰি উপলক্ষে ভক্তৰ লানি নিছিগা সোঁত শিৱসাগৰৰ শিৱদ'লত । পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ । সাংসদ গৌৰৱ গগৈৰো পূজা-অৰ্চনা ।

Maha Shivratri at Shiva Dol
জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ শিৱদ'ল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 1:49 PM IST

Updated : Feb 26, 2025, 2:56 PM IST

শিৱসাগৰ : ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ শিৱদ'ল । এই শিৱদ'লক কেন্দ্ৰ কৰি শিৱসাগৰ নগৰত প্ৰতিবছৰে অনুষ্ঠিত হয় শিৱ পূজা আৰু শিৱৰাত্ৰি মেলা । এই বছৰো মঙলবাৰৰ পৰা আৰম্ভ হৈছে শিৱ পূজা আৰু শিৱৰাত্ৰি মেলা । অহা ২৮ ফেব্ৰুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব শিৱসাগৰৰ শিৱৰাত্ৰি মহোৎসৱ ।

উল্লেখ্য যে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰে শিৱদ'লত । আনহাতে, পূজাৰ মাংগলিক লগ্ন আৰম্ভ হোৱাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই বাবাৰ দৰ্শনৰ বাবে শাৰী পাতিছে । অৱশ্যে মঙলবাৰৰ পৰায়ে শিৱদ'লত দেখা গৈছে ভক্তৰ দীঘলীয়া শাৰী ।

জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ শিৱদ'ল (ETV Bharat Assam)

ঐতিহাসিক শিৱদ'লৰ এক আধ্যাত্মিক গুৰুত্ব আছে । যাৰ বাবে শিৱৰাত্ৰিৰ সময়ত এই শিৱদ'লত ভক্তই বাবাৰ দৰ্শনৰ বাবে ভিৰ কৰে । ঐতিহাসিক তথ্য অনুসৰি, স্বৰ্গদেউ শিৱ সিংহৰ দ্বিতীয় পত্নী অম্বিকাই ১৭৩১ চনত কলঞ্চুপৰীয়া গাঁৱত এক বৃহৎ পুখুৰী খান্দি তাৰ পাৰত নিৰ্মাণ কৰিছিল তিনিটা দ'ল । সুউচ্চ শিৱদ'লৰ লগতে দেৱী দ'ল আৰু বিষ্ণু দ'ল নিৰ্মাণ কৰিছিল ।

১৮০ ফুট ওখ দ'লটোৰ ওপৰত ৮ ফুট উচ্চতাৰ এটা সোণৰ কলচী স্থাপন কৰা হৈছিল । কৰ্দৈ সাঁচৰ এই দ'লটোৰ আধ্যাত্মিক মাহাত্ম্যৰ বাবে শিৱৰাত্ৰিৰ সময়ত লাখ লাখ লোক সমবেত হয় । এই শিৱ পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন মেলাৰ ।

প্ৰায় ৫০০ খন অস্থায়ী দোকানত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল উপস্থিত থাকি বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলে । আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মেলা আৰু পূজাত দৈনিক এক লাখ লোক সমবেত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা প্ৰশাসনে ।

আনহাতে, শিৱৰাত্ৰি উপলক্ষে শিৱদ'লত মহাদেৱৰ পূজা-অৰ্চনা কৰে যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । মহাদেৱক আৰাধনাৰ পিছত গৌৰৱ গগৈয়ে কয়, "পৱিত্ৰ শিৱদ'ললৈ আহি যথেষ্ট আনন্দিত হৈছোঁ । মানুহবোৰ যথেষ্ট সন্তুষ্ট হৈছে । আজি সকলো ল'ৰা-ছোৱালীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে । পৰীক্ষাবোৰ ভালদৰে পাৰ হওক সেয়ে কামনা কৰিছোঁ । সকলোৰে বিভিন্ন সমস্যা থাকেই, সেইটো স্বাভাৱিক কথা । ভগৱান শিৱই যেন সকলোকে শক্তি প্ৰদান কৰে আৰু সকলোকে বিপদৰ পৰা আঁতৰত ৰাখে সেয়া মই কামনা কৰিছোঁ ।"

লগতে পঢ়ক :শিৱলিংগত কি কি অৰ্পণ কৰিলে কি কি ভাল ফল লাভ কৰিব ? - MAHA SHIVRATRI 2025
লগতে পঢ়ক :মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত জানক উমানন্দ মন্দিৰৰ ইতিহাস - MAHA SHIVRATRI 2025

Last Updated : Feb 26, 2025, 2:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.