ETV Bharat / state

অসমত হ'ব মেদাণ্ট দ্য মেডিচিটিৰ ছুপাৰস্পেচিয়েলিটি হাস্পতাল : বিনিয়োগ কৰিব এহাজাৰ কোটি টকা - ADVANTAGE ASSAM 2

দেশৰ অন্যতম বৃহৎ মাল্টি ছুপাৰস্পেচিয়েলিটি হাস্পতাল মেডিচিটিয়ে অসমত এনে এখন চিকিৎসালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।

ADVANTAGE ASSAM 2
মেদাণ্ট দ্য মেডিচিটি গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ নৰেশ ট্ৰিহান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 1:47 PM IST

গুৱাহাটী : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এটা ভাল খবৰ । অসমত শীঘ্ৰে গঢ়ি উঠিব ৫০০খন বিচনাযুক্ত মেদাণ্ট দ্য মেডিচিটিৰ ছুপাৰস্পেচিয়েলিটি হাস্পতাল । ইয়াৰ বাবে এহাজাৰ কোটি টকা বিনিয়োগ কৰিব মেদাণ্ট দ্য মেডিচিটি গ্ৰুপে । এডভাণ্টেজ আছাম ২.০ত মেদাণ্ট দ্য মেডিচিটি গ্ৰুপে ইয়াৰ বাবে বুজাবুজিৰ চুক্তি কৰে ।

মেদাণ্ট দ্য মেডিচিটি গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক তথা মেদাণ্ট দ্য মেডিচিটিৰ অধ্যক্ষ বিশিষ্ট চিকিৎসক ডাঃ নৰেশ ট্ৰিহানে (Dr Naresh Trehan) কয়, "আজি আমি অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছো । মেদান্তৰ ফ্লেগশ্বীপ হাস্পতাল এখন গুৰগাঁৱত আছে, যিখন ১৪০০ বিচনাযুক্ত হাস্পতাল । য'ত ছুপাৰস্পেচিয়েলিটিৰ সকলো ব্যৱস্থা এটা স্থানতে আছে ।"

মেদাণ্ট দ্য মেডিচিটি গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ নৰেশ ট্ৰিহান (ETV Bharat Assam)

বিশিষ্ট চিকিৎসকগৰাকীয়ে লগতে কয়, "অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমতো এনেকুৱা এখন হাস্পতাল নিৰ্মাণ কৰাৰ বাবে কৈছিল । যাৰ ফলত অসম আৰু চুবুৰীয়া ৰাজ্যসমূহ উপকৃত হ'ব পাৰে । যাতে ছুপাৰস্পেচিয়েলিটি চিকিৎসাৰ বাবে কোনেও বাহিৰলৈ যাবলগীয়া নহয় । মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমত ৫০০ বিচনাযুক্ত ছুপাৰস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি কৰিছো । যিখন হাস্পতালত সকলো স্পেচিয়েলিটি থাকিব । আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁঠনি থাকিব । অত্যাধুনিক সকলো টেকন'লজী ইয়াত প্ৰযোজ্য কৰা হ'ব ।"

তেওঁ আৰু কয়, "আমাৰ প্ৰশিক্ষিত চিকিৎসকক ইয়াত নিযুক্ত কৰা হ'ব । যাতে উন্নত মানৰ চিকিৎসা সকলোৱে লাভ কৰিব পাৰে । আমি চিকিৎসা সেৱা যাতে ব্যয়বহুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে বাবে বহনযোগ্য চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো । অসমৰ মুখ্যমন্ত্রীৰ উদ্যোগ দেখি আমি উৎসাহিত হৈছো । অসমৰ উপৰি চুবুৰীয়া ৰাজ্যৰ পৰা বহু ৰোগী আমাৰ হাস্পতাললৈ আহে । গতিকে ইয়াত আমাৰ হাস্পতাল হ'লে সকলোৰে সুবিধা হ'ব ।" উল্লেখ্য যে এডভাণ্টেজ আছামৰ আজি দ্বিতীয় দিনাও বহু উদ্যোগ প্ৰতিষ্ঠানে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০ : বুজাবুজি চুক্তিৰ বাবে দেশী-বিদেশী বিনিয়োগকাৰীৰ দীঘলীয়া শাৰী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.