ETV Bharat / state

উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগৰ জোৱাৰ - SIVASAGAR FAMILY QUIT SANKAR SANGHA

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ তত্ত্বাৱধানত সুদীৰ্ঘ ৫২ বছৰে সংঘৰ সংগী হৈ থকা পৰিয়ালটোৱে সংঘ ত্যাগ কৰে ।

Sivasagar family quit sankar sangha
উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগৰ জোৱাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 1:32 PM IST

আমগুৰি : উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগৰ জোৱাৰ উঠিছে । গহপুৰত ১৭ টাকৈ পৰিয়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগৰ পিছত শিৱসাগৰৰ কালুগাঁৱৰ এটা পৰিয়ালে এৰিলে সংগী পদ । ১৯৭২ চনৰ পৰা সংঘৰ সদস্য আছিল পৰিয়ালটো ।

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ তত্ত্বাৱধানত সংঘৰ সংগী হৈছিল অনিল কুমাৰ নেওগ নামৰ ব্যক্তিজন আৰু পৰিয়ালটো । সুদীৰ্ঘ ৫২ বছৰে সংঘৰ সদস্য হৈ থকা অনিল কুমাৰ নেওগে পৰিয়ালসহ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ পিছতেই জাতিৰ স্বাৰ্থত সংঘ এৰা বুলি তেওঁ প্ৰকাশ কৰিছে ।

উজনি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগৰ জোৱাৰ (ETV Bharat Assam)

উল্লেখ্য যে পূৰ্বজক তৰ্পণ কৰাত বাধা দি শংকৰ সংঘই টাই আহোমৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত কৰাৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত সদ্য সংঘত্যাগী অনিল কুমাৰ নেওগে কয়, "স্বাভিমানী কোনো আহোম লোকে এতিয়া সংঘত থকাৰ পৰিৱেশ নাই । পূৰ্বপুৰুষক স্মৰণ কৰাটো আমাৰ অধিকাৰ । পূৰ্বজৰ আশীৰ্বাদ অবিহনে আমি পৰিচয়হীন ।"

কালুগাঁও প্ৰাথমিক শাখাৰ সভাপতি দীপেন দহোটীয়াৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে অনিল কুমাৰ নেওগৰ পৰিয়ালটোৱে । তেওঁ লগতে কয়, "বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ তত্ত্বাৱধানত ১৯৭২ চনত সংগীপদ গ্ৰহণৰ পৰা আজিৰ দিনটো পর্যন্ত কালুগাঁও প্রাথমিক শাখাৰ সঙ্গী হিচাপে শ্রীমন্ত শংকৰদেৱ সংঘত সেৱা আগবঢ়াই আহিছোঁ । কিন্তু বর্তমান মে-ডাম-মেফিকে ধৰি কিছু বিষয়ত সংঘৰ স্থিতিয়ে আমাক ব্যথিত কৰিছে ।"

উল্লেখ্য যে ১৯৭২ চনৰ পৰা ৫২ টা বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে পণ্ডিত সোণাৰাম চুতীয়াদেৱকে ধৰি বহুকেইগৰাকী পদাধিকাৰৰ ছত্ৰছায়াত তেওঁলোকে কাম কৰি আহিছে । তেওঁলোকৰ উদাৰ আৰু প্ৰগতিশীল চিন্তা আৰু প্ৰজ্ঞাই আকৰ্ষণ কৰি অহা বুলি উল্লেখ কৰি এতিয়া অনুষ্ঠানটোৰ পূৰ্বৰ গৰিমা হেৰাই ঠেক চিন্তাৰে অনুষ্ঠানটোক আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে ।

তেওঁ কয়, "এই কথাত শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ অনুৰাগী আমাৰ দৰে লোকে অত্যন্ত দুখ পাইছোঁ । আমি টাই আহোম জনগোষ্ঠীৰ লোক । চাওলুং চ্যুকাফাৰ লগতে আমাৰ পুলিন পুথাওসকলৰ প্ৰতি আমাৰ আছে অপাৰ ভক্তি । আমি আমাৰ পূৰ্বপুৰুষক মে-ডাম-মেফিৰ জৰিয়তে স্মৰণ কৰি তেওঁলোকৰ পৰা আশীর্বাদ লোৱাটো আমাৰ প্ৰতিজন টাই আহোমৰে পৰম্পৰা । এয়া আমাৰ অধিকাৰো । আমি আজি এই অৱস্থা পোৱাটো আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদৰ ফল ।"

সংঘত্যাগী অনিল নেওগে কয়, "তেওঁলোকক বাদ দি আমি পৰিচয়হীন । কিন্তু আমাৰ শ শ বছৰ ধৰি পূৰ্বজক তর্পণ কৰা মে-ডাম-মেফিত উপস্থিত থকাৰ বাবে সংগী পদ বাতিল কৰা, আমাৰ পূৰ্বজৰ আশীৰ্বাদ বিচৰা অনুষ্ঠানক প্ৰকাৰন্তৰে কু-সংস্কাৰ বুলি ক'ব খোজা বিষয়ে আমাৰ আত্মসন্মান আৰু স্বাভিমানত আঘাত দিছে । লগতে মে-ডাম-মেফিৰ প্ৰতি শ্ৰীমন্ত শংঘৰদেৱ সংঘৰ থকা সংকীর্ণতাই প্ৰমাণ কৰিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত আমাৰ দৰে স্বাভিমানী টাই আহোম জনগোষ্ঠীৰ লোকে সংগী হিচাপে থকাৰ এতিয়া আৰু পৰিৱেশ নাই । সেয়ে মে-ডাম-মেফিৰ দৰে অনুষ্ঠানক কৰা অসন্মান টাই আহোম জনগোষ্ঠীৰ প্ৰতিয়েই অপমানজনক বুলি বিবেচনা কৰাৰ লগতে আমি এজন টাই আহোম হিচাপে পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লোৱাত বাধা থকা শ্রীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ মোৰ লগতে মোৰ সহধর্মিণী বুলিৰাণী নেওগ, পুত্ৰ নুপূৰ নেওগ, বোৱাৰী দীক্ষিতা বৰা নেওগে এই পত্ৰৰ জৰিয়তে আজিৰ পৰা ত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ ।"

লগতে পঢ়ক :বিতৰ্কই লগ এৰা নাই শংকৰ সংঘক; ডিব্ৰুগড়-শিৱসাগৰত এজাহাৰ দাখিল - FIR AGAINST SANKARDEV SANGHA
লগতে পঢ়ক :তিতাবৰতো টাইপাৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ - SRIMANTA SANKARADEVA SANGHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.