ETV Bharat / state

USTMৰ আচাৰ্য মহবুবুল হক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ - USTM CHANCELLOR MAHBUBUL HOQUE

পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত একাংশ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগত আটক কৰা হৈছিল হকক ।

USTM Chancellor Mahbubul Hoque
USTMৰ আচাৰ্য মহবুবুল হক (Mahbubul Hoque FB Account)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 7:55 AM IST

শ্ৰীভূমি: অৱশেষত ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ USTMৰ আচাৰ্য মহবুবুল হকক । অসম আৰক্ষীয়ে জনোৱা আৰক্ষী জিম্মাৰ দাবী মঙলবাৰে মঞ্জুৰ কৰিলে শ্ৰীভূমি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে । শনিবাৰে পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সোমেশ্বৰ কোঁৱৰে ৰুজু কৰা গোচৰৰ ভিত্তিত আদালতে USTMৰ আচাৰ্য মহবুবুল হকৰ জামিন নাকচ কৰাৰ লগতে আৰক্ষীৰ জিম্মাৰ আবেদন প্ৰত্যাখ্যান কৰিছিল । প্ৰেৰণ কৰিছিল ন্যায়িক জিম্মালৈ ৷

পৰৱৰ্তী সময়ত পাথাৰকান্দি চক্ৰ বিষয়া বলিন বাবা বালাৰি'ৰ ফালৰ পৰা পাথাৰকান্দি থানাৰ ৫৫/২৫ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ১১১(৪)/৩১৮(৪)/৩১৬(৫)/৩৩৬(৩)/আৰ ডব্লিও চেকশ্বন ১১(১) দি পাব্লিক এক্সামিনেচন প্ৰহিবিছন এক্ট অফ আনফেয়াৰ মিন্সৰ অধীনত USTM ৰ আচাৰ্য মহবুবুল হকৰ লগতে চেন্ট্ৰেল পাব্লিক স্কুলৰ অধ্যক্ষ হীৰামণি শইকীয়া, শিক্ষক বিজয় দত্ত, ৰেজাক আলী, নুমান আহমদ, ইমদাদুৰ ৰহমানক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

চৰকাৰী অধিবক্তা (ETV Bharat Assam)

আৰক্ষীৰ আবেদনৰ ভিত্তিত আদালতে এওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপোৰ্ট মঙলবাৰে বিয়লি ৩টা বজাৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰে । স্বাস্থ্য বিভাগৰ ফালৰ পৰা মঙলবাৰে আচামীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপোৰ্ট জমা দিয়াৰ পিছত আদালতত আৰক্ষীৰ ফালৰ পৰা ৭ দিনৰ ৰিমাণ্ড আবেদন জনায় যদিও আদালতে ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণৰ এই সিদ্ধান্ত প্ৰদান কৰে ।

আৰক্ষীয়ে মহবুবুল হকৰ লগতে আটাইকেইজন অভিযুক্তক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে কেওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । যাৰফলত সোমবাৰে USTMৰ আচাৰ্য মহবুবুল হকৰ লগতে আনকেইজন অভিযুক্তক শ্ৰীভুমি জিলা আৰক্ষীৰ ফালৰ পৰা আকৌ আদালতত নিজৰ জিম্মাত বিচাৰে । সোমবাৰে পুনৰ পাথাৰকান্দি চক্ৰ বিষয়া বলিন বাবা বালাৰিয়ে দাখিল কৰা গোচৰৰ ভিত্তিত আদালতত শুনানি গ্ৰহণ কৰি মঙলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ আচামীসকলক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে নিশা গুৱাহাটীৰ ঘোঁৰামৰাৰ তেওঁৰ নিজা ঘৰৰ পৰা শ্ৰীভূমি আৰক্ষীয়ে পৰীক্ষাত অসৎ উপায় গ্ৰহণ কৰাৰ অভিযোগত মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী দিনা অৰ্থাৎ শনিবাৰে শ্ৰীভূমিৰ পাথাৰকান্দিত USTMৰ অধীনৰ বিদ্যালয়ত পৰীক্ষাত অনিয়মৰ অভিযোগত নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰেজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়াকে ধৰি মুঠ ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । মঙলবাৰৰ ন্যায়ালয়ৰ এই নিৰ্দেশ পিছতে এতিয়া কাৰাগাৰৰ পৰা আৰক্ষীয়ে থানালৈ আনি জেৰা কৰিব পাৰিব মহবুবুল হক আৰু আন অভিযুক্তকেইজনক ।

লগতে পঢ়ক: মহবুবুল হকে অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষাৰ্থীৰ তালিকা সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.