হায়দৰাবাদ: গুগল একাউণ্ট লগইন কৰিবলৈ শেহতীয়াকৈ নতুন ডিভাইচসমূহে নিজৰ জিমেইল একাউণ্টত লগইন কৰিবলৈ এছএমএছ ভিত্তিক টু ষ্টেপ ভেৰিফিকেশ্যন (2FA) ব্যৱহাৰ কৰিবলগীয়া হৈছিল । ইয়াৰ পৰিৱৰ্তে, নতুন ডিভাইচত লগ-ইন কৰিবলৈ এটা QR ক'ড স্কেন যথেষ্ট ৷ ইয়াৰ অৰ্থ হ'ল এতিয়াৰ পৰা ব্যৱহাৰকাৰীসকলে নতুন ডিভাইচত লগ-ইনৰ বাবে এছএমএছৰ জৰিয়তে পৰীক্ষা কৰাৰ প্ৰয়োজন নহ'ব ৷ গুগলে এই লগইন প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰিবলৈ ওলাইছে ।
ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি জিমেইল একাউণ্টত লগ ইন কৰিবলৈ ব্যৱহাৰ কৰা এছএমএছ ভিত্তিক পৰীক্ষণ ব্যৱস্থাটো বৰ নিৰাপদ নহয় বুলি গুগলে প্ৰকাশ কৰিছে । কাৰণ চাইবাৰ অপৰাধীয়ে সহজেই এছএমএছৰ জৰিয়তে ব্যৱহাৰকাৰীৰ একাউণ্টত লগ ইন কৰিব পাৰে নতুন ডিভাইচত জিমেইল একাউণ্টত লগ ইন কৰিবলৈ QR ক’ড স্কেন কৰাটো বহুত সুৰক্ষিত কাৰণ ইয়াক প্ৰতিবাৰেই স্কেন কৰাৰ প্ৰয়োজন হয় । এই পদ্ধতি আপোনাৰ Gmail একাউণ্ট সুৰক্ষিত ৰাখিবলৈ আগৰ তুলনাত অধিক সুৰক্ষিত ।
আপোনাৰ Gmail একাউণ্টত লগ ইন কৰাৰ সময়ত, আপুনি প্ৰথমে আপোনাৰ পাছৱৰ্ড দিব লাগিব । ইয়াৰ পিছত GVice ৰ স্ক্ৰীণত এটা QR code ওলাব । স্মাৰ্টফোনৰ কেমেৰাৰ সহায়ত ইয়াক স্কেন কৰিলে একাউণ্টটো লগ ইন হ’ব ইয়াৰ দ্বাৰা জিমেইলত ব্যৱহাৰকাৰীৰ পৰিচয় নিশ্চিত হ’ব আৰু গুগলে বুজিব যে সংশ্লিষ্ট নতুন ডিভাইচটোৰ জিমেইল একাউণ্টত লগইন সেই ব্যক্তিজনৰ সন্মতি সাপেক্ষে কৰা হৈছে ।
গুগলৰ মতে, QR ক’ডৰ জৰিয়তে জিমেইল একাউণ্টত লগ ইন কৰাৰ পদ্ধতিটো অধিক সুৰক্ষিত । ইয়াৰ ফলত প্ৰৱঞ্চনাৰ আশংকা হ্ৰাস পাব । গুগলে এতিয়া নিজৰ ব্যৱহাৰকাৰীৰ জিমেইল একাউণ্ট অধিক সুৰক্ষিত কৰি ৰাখিবলৈ মাল্টিপল ফেক্টৰ অথেন্টিকেচন (MFA) আৰম্ভ কৰিছে । গুগলৰ এই পৰিৱৰ্তনৰ উদ্দেশ্য হৈছে জিমেইল ব্যৱহাৰকাৰীসকলক প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰা তথা জিমেইল একাউণ্টসমূহক অধিক সুৰক্ষিত কৰা ।
সঁচাকৈয়ে এছএমএছ ক’ড সুৰক্ষিত নেকি!
SMS ক’ড সহজেই লাভ কৰিব পাৰি ৷ চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনাৰে এছএমএছ ক’ড সংগ্ৰহ কৰিব পাৰে বা বিভিন্ন প্ৰক্ৰিয়াৰে ফোন নম্বৰ চুৰি কৰিব পাৰে । জিমেইল একাউণ্টৰ সুৰক্ষাৰ চিন্তাত গুগলে এছএমএছ ভেৰিফিকেচন চিষ্টেম বন্ধ কৰিবলৈ ওলাইছে । ইয়াৰ বিকল্প হিচাপে গুগলে কলৰ জৰিয়তে এটা ক’ড পৰীক্ষা কৰি ব্যৱহাৰকাৰীৰ পৰিচয় পৰীক্ষা কৰে ৷ এই পদ্ধতি চলি থাকিব নে নহয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক