মহানগৰীত জব্দ প্ৰায় ৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী: পাঁচজনক আটক

By

Published : Jul 3, 2022, 6:50 PM IST

thumbnail
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against narcotics) ৷ শনিবাৰে নিশা কামৰূপ মহানগৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু উপ আৰক্ষী অধীক্ষক কল্যান পাঠকৰ নেতৃত্বত মহানগৰীৰ আজাৰাৰ এখন হোটেলত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ৫০ হাজাৰৰো অধিক জাভা টেবলেট (Narcotics seized in Guwahati)। লগতে আৰক্ষীৰ দলটোৱে এই সংক্ৰান্তত আটক কৰে পাঁচ সৰবৰাহকাৰী (Drug peddler arrested by Guwahati Police) ৷ দেওবাৰে এই কথা সদৰি কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ কোটি টকা ৷ মণিপুৰৰ পৰা পশ্চিমবংগ আৰু বাংলাদেশলৈ সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি । আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে আলী আহমেদ (শিলচৰ), মহম্মদ মহম্মদ খান (মণিপুৰ), মহম্মদ বাহাৰুল আলম (মণিপুৰ), মহম্মদ নাজিমুল মিঞা (পশ্চিমবংগ), জিয়াদুল ইছলামৰ (টুৰা, মেঘালয়) বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.