thumbnail

By

Published : Aug 27, 2022, 6:33 PM IST

ETV Bharat / Videos

মাজুলীলৈ বাহিৰাগত লোকৰ আগমনত চকু দিয়াৰ আহ্বান সত্ৰাধিকাৰৰ

মাজুলীত শিশু অপহৰণকাৰী বিষয়টোক(Child kidnapping in Majuli) লৈ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে(Kamalabari Satra Satradhikar Janardan Dev Goswami) শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে এই বিষয়টোৰ ওপৰত সঠিককৈ ক’ব নোৱাৰি কিন্তু মানুহৰ মাজত এটা ভয় ভাৱ আহিছে ৷ তেওঁ জিলা প্ৰশাসনৰ লোকে মানুহৰ মনৰ পৰা এই ভয় ভাৱ আতঁৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে মাজুলীলৈ বাহিৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক তথা ফেৰিৱালাক নাকী লগোৱাৰ সময় হ’ল ৷ উল্লেখ্য যে, মাজুলীত শিশু অপহৰণৰ সন্দৰ্ভত ইতিমধ্যে স্পষ্টীকৰণ দিছে আৰক্ষী তথা প্ৰশাসনৰ লোকে ৷ মাজুলী জিলা আৰক্ষী অধীক্ষক গৌতম বৰাই(Majuli SP Gautam Borah on Child kidnapping) অলপতে এই কথা নস্যৎ কৰি কৈছিল, শিশু অপহৰণকাৰী মাজুলীত নাই, বৰঞ্চ এয়া ভুৱা অপপ্ৰচাৰহে মাথো(Rumor of child kidnapping in Majuli) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.