সোণাৰিত মানৱতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিলে বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ চচাইটিয়ে - বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ চচাইটি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 3, 2022, 2:20 PM IST

মানৱতাৰ পৰিচয় দি ৰোগীয়া অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাফাজুল হুছেইনৰ ঘৰত উপস্থিত হয় নাজিৰাৰ বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ চচাইটি নামৰ সংস্থাটোৰ বিষয়ববীয়া (Human Welfare Society)। চাফাজুল হুছেইনৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ লগতে বেচৰকাৰী সংস্থাটোৱে চাফাজুল হুছেইনক উন্নত চিকিৎসাৰ বাবে তেওঁলোকৰ লগত ৰখাৰ ব্যৱস্থা কৰে । উল্লেখযোগ্য যে, সোণাৰিৰ পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০০৭ চনতে অৱসৰ গ্ৰহণ কৰা অধ্যক্ষগৰাকীয়ে বৰ্তমান অতি দুখজনক অৱস্থাত বন্দীত্বৰ জীৱন কটাইছিল নিজ গৃহত । জানিব পৰা মতে, চাফাজুল হুছেইন নামৰ অধ্যক্ষগৰাকীয়ে পত্নীৰ মৃত্যুৰ পাছৰেপৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে । অধ্যক্ষগৰাকী একমাত্ৰ কন্যাৰ নাই নিজ পিতৃৰ প্ৰতি ভ্ৰুক্ষেপ । ইফালে কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই বহু বছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ নহাৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছিল । দুটা দিনৰ পুৰ্বে অধ্যক্ষৰ দুৰ্বিসহ জীৱনক লৈ ETV bharat ত এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল । ইয়াৰ পাছতে সোণাৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ কাষত নাজিৰাৰ বেচৰকাৰী সংস্থা হিউমেন ৱেলফেয়াৰ চচাইটিয়ে ঠিয় দিয়াৰ লগতে উন্নত চিকিৎসা কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.