ধুবুৰীৰ পাহাৰীয়া অঞ্চলত বানত সংহাৰী ৰূপ - Etv Bharat
🎬 Watch Now: Feature Video
বছৰৰ প্ৰথমটো বানৰ বিভীষিকা মাৰ নাযাওঁতেই এতিয়া বানে হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমামূৰীয়া অঞ্চলসমূহত ৷ পৰ্বতঝৰা মহকুমাৰ অধীনস্থ তথা গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত জলডোৱা, কুৰ্ষাকাটি, মোলানণ্ডবি, পাগলাহাট আৰু আলোকঝাৰীকে ধৰি প্ৰায় পোন্ধৰ খন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে ৷ সম্প্ৰতি অঞ্চলটোৰ বাট-পথ-দলং আদি সকলোবোৰ পানীৰ তলত ৷ ধুবুৰীৰ পৰা গোসাঁইগাঁওলৈ যোৱা মূল পথত বৰ্তমান যান বাহন চলাচল বন্ধ হৈ পৰিছে, কিয়নো পথটোৰ ওপৰেৰে বাঢ়নি পানীৰ তীব্ৰ সোঁত বৈ থকা ফলত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে যোৱা নিশাৰে পৰা পাহাৰীয়া অঞ্চলসমূহত সম্প্ৰতি বানে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷