thumbnail

বৰপেটাৰ মাজদিয়াত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

By

Published : Sep 4, 2022, 6:53 PM IST

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়াত দেওবাৰে গুৱাহাটী আই হাস্পতালৰ(Guwahati Eye Hospital) উদ্যোগত আৰু মাজদিয়া-গৰেমাৰী নৱ জাগৰণ মঞ্চৰ সহযোগত এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়(Free eye check up camp at Barpeta) । মাজদিয়া-গৰেমাৰী-গাদেশালীপাম গৰিয়া গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত উক্ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । চকু পৰীক্ষা শিবিৰত গুৱাহাটী আই হাস্পতালৰ চিকিৎসক ডাঃ দেৱজিৎ শৰ্মাই স্বাস্থ্যকৰ্মী পৰেশ ৰাজবংশী, প্ৰিয়ম ৰাজবংশী, ভাৰ্গৱ বৰ্মন আৰু মেহেৰ আলীৰ সহযোগত প্ৰায় শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.