thumbnail

কামাখ্যাৰ দোকানৰ পৰা উদ্ধাৰ জন্তুৰ অংগ-পতংগকে ধৰি সাগৰীয় মূল্যবান সামগ্ৰী

By

Published : Dec 2, 2020, 10:40 PM IST

মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামত বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ সাগৰীয় মূল্যবান সামগ্ৰী, বন্যপ্ৰাণীৰ অংগ পতংগৰ লগতে বিভিন্ন নিষিদ্ধ সা-সামগ্ৰী । লগতে আটক হৈছে তিনিজনকৈ চোৰাং ব্যৱসায়ী । জানিব পৰা মতে এই সামগ্ৰীসমূহ পূজা-পাতল আৰু তন্ত্ৰ-মন্ত্ৰত ব্যৱহাৰ হয় । ধৃত লোক কেইজনৰ নাম জীতেন্দ্ৰ সাহ, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা । এই বহিঃৰাজ্যৰ লোক কেইজনে গুৱাহাটীত চোৰাং ভাৱে বিক্ৰী কৰি আহিছিল নিষিদ্ধ মূল্যবান সামগ্ৰী। বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ই এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিল কামাখ্যা ধামৰ লগতে গণেশগুৰিত । ইতিমধ্যেই ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত আৰম্ভ কৰিছে। এক বৃহৎ চক্ৰই গুৱাহাটীত এনেদৰে নিষিদ্ধ সামগ্ৰীৰ বেহা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । যাৰ বাবে ধৃত তিনি লোকক জেৰা অব্যাহত ৰাখিছে বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ শীৰ্ষ বিষয়াই।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.