thumbnail

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে দঞি পল এক্সপ্ৰেছ

By

Published : Aug 26, 2022, 10:47 PM IST

নাগালেণ্ডৰ চুমুকডিমা জিলাৰ চুখভি ৰে’লৱে ষ্টেচনৰ(Shokhuvi Railway Station in Nagaland) পৰা আজি এখন নতুন ৰে’লৰ সংযোজন হ’ল (New rail connectivity to Nagaland)৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' তথা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক অনচুল গুপ্তা আৰু লামডিং মণ্ডলৰ প্ৰৱন্ধক জে এছ লাকৰাই ১৫৮১৭/১৫৮১৮ দঞি পল' এক্সপ্ৰেছ (Donyi Polo Express) নামৰ ৰে’লখনৰ ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰিলে (New rail flag off from Shokhuvi Railway Station)৷ এইখন ৰে’ল অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ পৰা গুৱাহাটী হৈ চুখভি ৰে’লৱে ষ্টেচনলৈ চলাচল কৰিব ৷ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত আজিৰ পৰা সংযোজিত হ'ল নতুন ৰে’লৱে ষ্টেচনৰ লগতে নতুন ৰে’ল সেৱাৰ (Railway connectivity in North East)৷ নাগালেণ্ডৰ ডিমাপুৰৰ পিছত এইটোৱেই দ্বিতীয়টো ৰে’লৱে ষ্টেচন যিটো ষ্টেচনৰ পৰা নতুন ৰে’লপথৰে মিজোৰাম হৈ অৰুণাচল প্ৰদেশলৈকে সংগলগ্ন কৰা হৈছে ৷ নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰ ৰে’লৱে ষ্টেচন নিৰ্মাণৰ প্ৰায় ১০০ বছৰৰো অধিক দিনৰ পিছত চুমুকডিমা জিলাত চুখভি ৰে’লৱে ষ্টেচন নিৰ্মাণ কৰা হৈছে বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে জনায় ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ পৰিবহন মন্ত্ৰী পাইৱাংগ কন্যাক, নাগালেণ্ডৰ বিধায়ক এন জেকব জিমমি, চুখভি গাঁৱৰ গাঁওবুঢ়া, নাগালেণ্ডৰ বহু উচ্চ পদস্থ বিষয়া তথা ৰে’লৱেৰ বহু উচ্চ পদস্থ বিষয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.