বিজনীত বনৰীয়া হাতীয়ে বিধ্বস্ত কৰিলে বাসগৃহ - Manah National Park

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 10, 2022, 1:40 PM IST

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা এখন জিলাত এজন লোকে হ'লেও প্ৰাণ হেৰুৱাইছে । বন্যহস্তীয়ে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । খেতিপথাৰ তহিলং কৰাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে । হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে হেজাৰ হেজাৰ লোকে । আন জিলাৰ লগতে চিৰাঙৰ বিজনীতো (Elephant terror in Bijni) বন্যহস্তীৰ তাণ্ডৱ অব্য়াহত আছে । দেওবাৰে নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ (Manah National Park) পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা জাকে কুকলুঙত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ভাঙি তহিলং কৰিলে সুভাষ সৰকাৰৰ নামৰ এজন লোকৰ পকী ঘৰ (Elephant destroyed house at Bijni)। সুভাষ সৰকাৰৰ পুত্ৰ ধ্ৰুৱজ্যোতি সৰকাৰে শুই থকা অৱস্থাত তেওঁৰ চকুৰ সন্মুখতেই বন্যহস্তীয়ে ভাঙি পেলায় ঘৰৰ পকী বেৰ । বন্যহস্তীৰ কৱলৰ পৰা ওলাই যোৱা ৰাস্তা বিচাৰি হাহাকাৰ কৰাৰ শিহৰণকাৰী বৰ্ণনা কৰিলে ভুক্তভুগী ধ্ৰুৱজ্যোতিয়ে । ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গঞাক বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ দাবী প্ৰশাসনক । উল্লেখ্য যে প্ৰায় প্ৰতিদিনেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে বিজনীৰ উত্তৰাঞ্চলত তাণ্ডৱ চলাই কৃষকৰ তামোল, কলগছ, শস্য আদি খাই তহিলং কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.